শিৱসাগৰ : শিৱসাগৰত পুৱাই এখন পকী দলং ভাঙি যোৱাৰ ফলত ৰাইজৰ যাতায়াতৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। দুটুকুৰা হ’ল দিচাং নদীৰ ওপৰত থকা পকী দলংখন।

শিৱসাগৰ জিলাৰ চেপন চুণপোৰা পথৰ দিচাং নদীৰ ওপৰত থকা দলংখন ভাঙি দুটুকাৰ হয়। ১৯৭৫ চনতে নিৰ্মাণ কৰিছিল এই দলংখন। পুৱা প্ৰায় ৯ মান বজাত এখন শিল ভৰ্তি ডাম্পাৰ পাৰ হোৱাৰ সময়তে ভাঙি পৰে দলংখন৷

দলংখন ভাঙি পৰাত অঞ্চলটোৰ ৰাইজ যাতায়তৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হ’ব লাগিব। দলংখন ভাঙি পৰাৰ পিছতে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আৰু স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।যোগাযোগ বিছিন্ন হৈ পৰিছে অঞ্চল দুটাৰ মাজত, ঘটনাস্থলী পৰিদৰ্শন শিৱসাগৰ জিলা উপায়ুক্তৰ।

লগতে পঢ়ক= সৌন্দৰ্য্যবৰ্ধন আৰু আধুনিকীকৰণৰ নামত নুমলীগড় শোধনাগাৰৰ চৰম ভেকোঁ-ভাওনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply