গোৰেশ্বৰঃ কোভিড সৃষ্ট পৰিবেশৰ অন্ত পেলায় অৱশেষত শুকুৰবাৰে ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ’ল যদিও কিন্তু সন্তুষ্ট নহ’ল একাংশ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকল।

কামৰূপ গ্ৰাম্যৰ গাছবাৰীৰ বৃন্দাবন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰী সন্তুষ্ট নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ।

ঘোষণা কৰা ফলাফল অনুযায়ী কামৰূপ গ্ৰাম্য জিলাৰ, কৰৰা শিক্ষাসন্দৰ অন্তৰ্গত বৃন্দাবন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৮৪ জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৫১ জন ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাত অৱতীৰ্ণ হয়।পৰীক্ষা বেয়া হোৱা ছাত্ৰ ছাত্ৰীৰ ভিতৰত প্ৰায় বিলাকে ১ নম্বৰ ২ নম্বৰ কমকৈ লাভ কৰা বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃদিকৰাই নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে খেতিপথাৰ

বৃন্দাবন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা বেয়া হোৱা ছাত্ৰ ছাত্ৰী সকলৰ নৱম শ্ৰেণীৰ পৰীক্ষাত ভাল নম্বৰ পোৱা বুলি জানিব পৰা গৈছে তাৰ বিপৰীতে এদিনো স্কুললৈ নহাকৈ,”প্ৰি টে’ষ্টত” ত ফেইল কৰিও কেনেকৈ পৰীক্ষাত উত্তীৰ্ণ হ’ল তাক লৈও ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলৰ মাজত সন্দেহ ঘনীভূত হোৱা দেখা গৈছে ।

পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলে বিদ্যালয়ত আহি এক হুলস্থুলীয়া পৰিবেশৰো সৃষ্টি কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply