নিউজ ডেস্ক: ব্ৰিটেইনিয়াই কামৰূপস্থিত তেওঁলোকৰ উৎপাদন গোটত মহিলা কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে কোম্পানীটোৱে চলিত বৰ্ষৰ ভিতৰত গোটটোত ৬৫ শতাংশলৈ মহিলা কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰিব।

গুৱাহাটীৰ সমীপৰ ৰামপুৰত থকা Britannia Industries  -ৰ উৎপাদন গোটটোত বৰ্তমান ১,৩৬৭ গৰাকী কৰ্মচাৰী নিযুক্ত হৈ আছে, ইয়াৰে ৬০ শতাংশই হৈছে মহিলা কৰ্মচাৰী।

কোম্পানীটোৰ আঞ্চলিক (পূব) মুখ্য উৎপাদন বিষয়া কিশোৰ বিনায়ক কুলকাৰ্নিয়ে এই কথা জানিবলৈ দি লগতে কয় চলিত বৰ্ষত গোটটোত কিমান কৰ্মচাৰী নিয়োগ কৰা হ’ব সেই কথা এতিয়াই কোৱাটো কঠিন।

‘উৎপাদনৰ ডিমাণ্ড বাঢ়ি যোৱাৰ লগে লগে কৰ্মচাৰীৰ সংখ্যাও স্বাভাৱিকভাৱে বৃদ্ধি পাব। এটা কথা নিশ্চিত যে মহিলা কৰ্মচাৰীৰ সংখ্যা ৬৫ শতাংশলৈ বৃদ্ধি পাব,’ তেওঁ কয়।

বৰ্তমান গোটটোৰ দৈনিক উৎপাদন ক্ষমতা হৈছে ২১০ৰ পৰা ২৪০ টন, ইয়াক দৈনিক ২৬০ টনলৈ বৃদ্ধি কৰা হ’ব বুলি কুলকাৰ্নিয়ে উল্লেখ কৰে।

২০১৮ চনত ৱাডিয়া গ্ৰুপে ১৭০ কোটি টকা ব্যয়েৰে ৰামপুৰত স্থাপন কৰা ব্ৰিটেনিয়াৰ উত্তৰ-পূবৰ আটাইতকৈ ডাঙৰ উৎপাদন গোটটোত Good Day, Marie Gold, Nutrichoice আদি ব্ৰেণ্ডৰ প্ৰডাক্ট উৎপাদন কৰা হয়।

লগতে পঢ়ক – গোৰেশ্বৰ মহাবিদ্যালয়ত সাংবাদিক, পৰ্বতাৰোহী জুলিমা ডেকাক সম্বৰ্ধনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply