তেজপুৰ: ভাৰতীয় সেনা বাহিনীৰ অধীনস্থ সীমান্ত পথ নিৰ্মাণ সংস্থা অৰ্থাৎ বি আৰ অ’ ৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বি আৰ অ’ ৰ বিষয়া কৰ্মচাৰীসকলে যোৱা ১ মে’ৰ পৰা আৰম্ভ কৰা বিভিন্ন কাৰ্য্যসূচীৰ ৰেলীৰ দলটো ক’ভিড সজাগতাৰে আহি শুকুৰবাৰে তেজপুৰৰ ভৰ্তকৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়।
১ মে’ৰ পৰা অৰুণাচলৰ দুৰ্গম অঞ্চল সহ ৯০০ কি মি মটৰ চাইকেলেৰে জাতীয় ভাতৃত্ববোধ, পথ সজাগতাৰে বিভিন্ন ক্ৰীড়া, সাংস্কৃতিক অনুষ্ঠান, আলোচনা চক্ৰ আদি কাৰ্য্যসূচী সম্পন্ন কৰি সম্প্ৰতি অসমৰ বিভিন্ন প্ৰান্তত ক’ভিড অতিমাৰীৰ সৈতে যুঁজাৰ সজাগতা অভিযানেৰে শুকুৰবাৰে পুৱাই আহি সেই দলটো তেজপুৰত আহি উপস্থিত হয়হি।
তেজপুৰৰ সীমান্ত পথ নিৰ্মাণ সংস্থাৰ মুখ্যালয় অৰ্থাৎ ভৰ্তক প্ৰাংগনত উদযাপিত হ’ল বি আৰ অ’ ৰ ৬১ সংখ্যক ৰাইজিং দে’।
যোৱা ১ মেত অৰুণাচল প্ৰদেশত অৰুণাচল চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীয়ে পতাকা উত্তোলনেৰে এই ৰাইজিং দে’ৰ শুভাৰম্ভ কৰাৰ পিছত অৰুণাচলৰ বিভিন্ন ঠাইত ৯০০ কি মি বিভিন্ন কাৰ্য্যসূচীৰে পৰিভ্ৰমণ কৰাৰ পিছত দলটো আহি তেজপুৰত উপস্থিত হয়হি ।
ইয়াৰ পিছতেই দলটোয়ে তেজপুৰৰ ভৰ্তকৰ মুখ্য কাৰ্যালয়ত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰে ।অংশ গ্ৰহণ কাৰী দলটোৰ নেতৃত্ব থকা বি আৰ অৰ বিষয়া সকলে ।