গুৱাহাটী মহানগৰীত থকা ব্ৰডবেণ্ড ইণ্টাৰনেট সেৱা আগবঢ়োৱা প্রতিষ্ঠানসমূহক
গুৱাহাটী পৌৰ নিগমে সাত দিনৰ সময়সীমা বান্ধি দি কেবল লাইনসমূহ সঠিকভাৱে সংস্থাপিত কৰিবলৈ নির্দেশ দিছে৷ আগন্তুক সাত দিনৰ ভিতৰত কেবল আৰু ইণ্টাৰনেট সেৱা আগবঢ়োৱা প্রতিষ্ঠানসমূহে মহানগৰীত কেবল লাইন সঠিকভাৱে সংস্থাপিত নকৰিলে গুৱাহাটী পৌৰ নিগমে উক্ত প্রতিষ্ঠানসমূহৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিব বুলি নিৰ্দেশ জাৰি কৰিছে৷
ৰাজ্যৰ একমাত্ৰ মহানগৰ গুৱাহাটীৰ পথ, উপ–পথসমূহত থকা বিদ্যুতৰ খুঁটাত চূড়ান্ত বিশৃংখল ভাবে ইণ্টাৰনেট সেৱা আগবঢ়োৱা তাঁৰ সমূহ ওলোমাই ৰাখিছে৷
প্রতিষ্ঠানসমূহে সংস্থাপিত কৰা কেবল লাইন শীঘ্রে স্থানান্তৰ অথবা সঠিকভাৱে সংস্থাপিত কৰিবলৈ পৌৰ নিগমে এই জাননী জাৰি কৰিছে৷
সমাগত বাৰিষা আৰু মহানগৰীত হোৱা কৃত্ৰিম বান আদিৰ বাবে পৌৰ নিগম সাজু হৈছে ৷ এনে অৱস্থাত জনসাধাৰনৰ বিপদ হ’ব পৰা সকলো দিশ তন্ন তন্ন চাইছে গুৱাহাটী পৌৰ নিগমে ৷ সেয়েহে অহা সাত দিনৰ ভিতৰত গুৱাহাটী পৌৰ নিগমে ইণ্টাৰনেট সেৱা আগবঢ়োৱা প্রতিষ্ঠানসমূহক এই নির্দেশ দিছে৷
আৰু পঢ়ক বিটিচি আৰু কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যলৈ কেবিনেট পদমৰ্য্যদা