মানকাচৰ : নিউজ পৰ্টেলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে দালালীৰ অভিযোগ উত্থাপন হৈছে। ড্ৰাগছ সৰবৰাহকাৰীৰ কেচ ডায়েৰী দিয়াৰ নামত নিউজ পৰ্টেলৰ স্বত্বাধিকাৰীয়ে ২০ হাজাৰ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ নামত ২০ হাজাৰ টকা লোৱা নিউজ পৰ্টেলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে ভুক্তভোগীৰ থানাত এজাহাৰ দাখিল।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত নিউজ পৰ্টেলৰ স্বত্বাধিকাৰী দালালীত নামি পৰাৰ অভিযোগ উত্থাপন হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই থানা, পৰিবহণ বিভাগৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয়কে ধৰি সকলো চৰকাৰী কাৰ্যালয়ত দালালী বন্ধ কৰাৰ বাবে কঠোৰ নিৰ্দেশনা প্ৰদান কৰাৰ সময়তে নিউজ পৰ্টেলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে দালালীৰ অভিযোগ উত্থাপন হৈছে।

প্ৰাপ্ত অভিযোগ মতে বিগত প্ৰায় আঢ়ৈ মাহ পূৰ্বে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধাৰ পৰা আৰক্ষীয়ে দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। ইয়াৰ পিছতে জিলাখনৰ এটা নিউজ পৰ্টেলৰ সৰকাৰ উপাধিৰ স্বত্বাধিকাৰী জনে ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰিয়ালক সহায় কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে ২০ হেজাৰ লয়।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক জে’লৰ পৰা মুকলি আকাশৰ তলত আনিবলৈ আৰক্ষীৰ পৰা কেচ ডায়েৰী দিবলৈ আৰক্ষীৰ নামত ২০ হেজাৰ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে নিউজ পৰ্টেলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে।

ভুক্তভোগী পৰিয়ালটোৱে ২০ হেজাৰ টকা দিয়াৰ পিছতো আৰক্ষীয়ে উক্ত ড্ৰাগছ ব্যৱসায়ী দুজনৰ নামত কেচ ডায়েৰী আদালতত নিদিয়াৰ ফলত এই ঘটনা পোহৰলৈ আহিছে। ভুক্তভূগী পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপি নিউজ পৰ্টেলৰ স্বত্বাধিকাৰীজনৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে।

লগতে পঢ়ক : টীয়কৰ উদ্যোগী যুৱকে দিপাৱলীত ব্যৱহৃত কলগছ সংগ্ৰহ কৰি যোগান ধৰিলে বন্যহস্তীক

বিষয়টোক লৈ এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। নিউজ পৰ্টেলৰ এইগৰাকী স্বত্বাধিকাৰীয়ে নিউজ পৰ্টেল খুলি ক্ষমতাৰ অপব্যৱহাৰ কৰি থানা তথা পৰিবহণ বিভাগৰ কাৰ্যালয়তো দালালী কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। এই ক্ষেত্ৰত আৰক্ষীয়ে দালালৰূপী নিউজ পৰ্টেলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

ইয়াৰ পূৰ্বেও দুটাকৈ চেটেলাইট চেনেলৰ দুই সাংবাদিকৰ বিৰুদ্ধেও অঞ্চলটোত গৰু ছিন্ডিকেটত জড়িত থকাৰ অভিযোগ উঠিছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply