জামুগুৰিহাটঃ দৃষ্টিহীন হৈয়ো জীৱন সংগ্ৰামৰ যুঁজত দুই দৃষ্টিহীন ভাতৃ-ভগ্নী৷ চতিয়া সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰ ঢাৰিকাটিৰ পালেং গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা কৃষ্টিনা পাহাডী আৰু কুমন পাহাডী জন্মৰ পৰাই দৃষ্টিহীন।

এই দুই সন্তানে সৰুৰে পৰাই পিতৃ-মাতৃক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই আহিছে ৷ তাঁতশালত কাপোৰ বৈ সেই কাপোৰ বিক্ৰী কৰি পঢ়াৰ খৰছ উলিওৱা কৃষ্টিনা সম্প্ৰতি ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ৷ সুন্দৰ গীত আৰু নৃত্য পৰিৱেশন কৰিও বিভিন্ন প্ৰান্তত প্ৰশংসা লাভ কৰিছে দৃষ্টিহীনা কৃষ্টিনাই ৷

লগতে পঢ়কঃপৰীক্ষাত উত্তীৰ্ণ কৰি দিয়াৰ প্ৰলোভনৰে ছাত্ৰীক অশ্লীল প্ৰস্তাৱ প্ৰধান শিক্ষকৰ

আনহাতে একমাত্ৰ ভাতৃ কমন পাহাডীয়ে সুন্দৰ ঢোল বাদনৰে ৰাইজৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ দুয়োগৰাকী ধৰ্মান্ধক লৈ চিন্তিত হৈ পৰিছে এতিয়া পিতৃ-মাতৃ ৷ দুয়োটি সন্তানৰ কাৰণে চৰকাৰৰ পৰা বিশেষ সহায়ৰ আহ্বান কৰিছে পিতৃ-মাতৃয়ে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply