নিউড ডেস্কঃ ওদালবাক্ৰাত শনিবাৰে নিশা সংঘটিত হয় এক ভয়ানক হত্যাকাণ্ড। এজন টেম্প’ চালকৰ প্ৰহাৰত মৃত্যুক সাৱতিব লগীয়া হয় এজন ৰিক্সা চালকৰ।
জানিব পৰা অনুসৰি, শিৱৰাত্ৰিৰ নিশা টেম্প’ চালক নৱ ৰয় আৰু ই ৰিক্সা চালক মহম্মদ ৰহিজুদ্দিনৰ মাজত কিছু প্ৰথমে বাক-বিতণ্ডা হৈছিল। পিছত ই হতাহতিৰ ৰূপ লৈ নৱ ৰয়ে এটা শিলেৰে মহম্মদ ৰহিজুদ্দিনক আক্ৰমন কৰে।
আক্ৰমণৰ ফলত ই ৰিক্সা চালক মহম্মদ ৰহিজুদ্দিন থিতাতে মৃত্যু হয়। ঘটনাটো সংঘটিত হোৱাৰ পিছতেই ফটাশিল আৰক্ষীয়ে নিশাই টেম্প’ চালক নৱ ৰয়ক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক – ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুৰ অৰুণাচল ভ্ৰমণ বাতিল