দক্ষিণ শালমাৰা : ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী গাঁও সমূহত মানৱ সৰবৰাহৰ ঘটনাকে ধৰি বিভিন্ন অপৰাধমূলক ঘটনা নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে মানকাচৰৰ সাহাপাৰা বিএছএফ কেম্পত যৌথ সীমান্ত অভিযান কাৰ্যসূচীৰ অংশ হিচাপে শুকুৰবাৰে এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। এই সজাগতা সভাত ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী এলেকাত থকা মানকাচৰ পশ্চিম, মানকাচৰ বজাৰ আৰু ঠাকুৰাণবাৰী গাঁও পঞ্চায়তৰ প্ৰতিনিধি সকলৰ লগতে একাংশ সচেতন নাগৰিক উপস্থিত থাকে।

এই সজাগতা সভাখন ইনেছপেক্টৰ কে আৰ দলে পৰিচালনা কৰাৰ লগতে সভাখনত মানকাচৰ সাহাপাৰা বিএছএফ কেম্পৰ কোম্পানী কমাণ্ডেণ্ট ইনেছপেক্টৰ মুকেশ কুমাৰ, ইনেছপেক্টৰ ভাগৱানসহ আন চাৰিগৰাকী বিএছএফৰ শীৰ্ষ বিষয়া উপস্থিত থাকে। আনহাতে মানকাচৰ পশ্চিম গাঁও পঞ্চায়তৰ সভাপতি আখিৰুল ইছলাম, মানকাচৰ বজাৰ গাঁও পঞ্চায়তৰ সভাপতি হৰি পদ দাস, ঠাকুৰাণবাৰী গাঁও পঞ্চায়তৰ উপ সভাপতি শ্বাজিব ইছলামৰ লগতে একাংশ গাঁও পঞ্চায়তৰ প্ৰতিনিধি তথা মানকাচৰ থানাৰ উপ পৰিদৰ্শক দিপক ৰয় সৰকাৰও এই সজাগতা সভাত উপস্থিত থাকে।

আগন্তক দূৰ্গা পুজা আৰু মহৰমৰ সময়ত যাতে সীমান্তৱৰ্তী জিলাখনত কোনো ধৰণৰ অপৰাধ সংঘটিত নহয় তাৰ বাবে প্ৰতিখন সীমান্তৱৰ্তী গাঁও পঞ্চায়তৰ প্ৰতিনিধি, সচেতন লোক সজাগ আৰু সচেতন হ’ব লাগিব বুলি সিদ্ধান্ত লোৱা হয়। একেদৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী জিলাখনত কোনো বাংলাদেশী নাগৰিক যাতে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি আমাৰ জিলাত কাৰো ঘৰত আশ্ৰয় নাপায় তাৰ বাবেও সকলো লোক অংগীকাৰবদ্ধ হ’ব লাগিব বুলি সজাগতা সভাৰ জৰিয়তে আলোচনা কৰা হয়। তদুপৰি এই জিলাখনত দুষ্টচক্ৰই যাতে মানৱ সৰবাৰহ কৰিবলৈ সুযোগ নাপায় বা বাল্য বিবাহৰ দৰে অপৰাধমুলক ঘটনা সংঘটিত নহয় তাৰ প্ৰতিও সকলোৱে দৃষ্টি দিয়াৰ বাবে আহ্বান জনোৱা হয়।

দুৰ্গা পুজা আৰু মহৰমৰ বাবে বৰ্তমানে জিলাখনৰ সীমান্তৱৰ্তী এলেকাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। এই ১৪৪ ধাৰা নীতি নিৰ্দেশনা সকলোৱে মানি চলিবলৈ বিএছএফৰ ফালৰ পৰা সাধাৰণ ৰাইজক আহ্বনা জনোৱা হয়। একেদৰে এই সজাগতা সভাখনত ক’ভিড প্ৰট’কল সকলোৱে মানি চলিবলৈও আলোচনা কৰা হয়।উল্লেখ্য যে যোৱা ২১ তাৰিখেও মানকাচৰৰ বৰাইৰ আলগা বিএছএফ কেম্পত এইদৰে সীমান্তৱৰ্তী বৰাইৰ আলগা, শিশুমাৰা, কোকৰাডাঙা, কানাইমাৰা, ফুলেৰচৰ গাও পঞ্চায়তৰ প্ৰতিনিধি আৰু সচেতন ৰাইজক লৈ একেই ধৰণৰ সজাগতা সভা অনুষ্ঠিত হৈছিল।

লগতে পঢ়ক : ধলপুৰৰ পাশৱিক ঘটনাই বিশ্বৰ আগত লজ্জাৱনত কৰিছে অসমকঃঅজাপ

মানকাচৰৰ ৬ নং বেটেলিয়ান বিএছএফে এইদৰে সীমান্তৱৰ্তী এলেকাত অপৰাধ দমৰ বাবে যৌথ সীমান্ত অভিযান ২০২১ কাৰ্যসূচীৰ জৰিয়তে সজাগতামুলক কাৰ্যসূচী ৰূপায়ন কৰি ৰাইজৰ সৈতে সু-সম্পৰ্ক গঢ়ি তোলা পৰিলক্ষিত হৈছে। সীমান্তৱৰ্তী এলেকাত যিকোনো অপৰাধ সংঘটিত হ’লে বিএছএফৰ সৈতে পঞ্চায়ত প্ৰতিনিধি আৰু সচেতন লোক যোগযোগ কৰি বিষয়টো অৱগত কৰি অপৰাধ দমনৰ বাবে সকলোয়ে যৌথভাৱে অভিযান চলাব লাগে বুলি বিএছএফৰ ফালৰ পৰা ৰাইজক আহ্বান জনোৱা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply