মানকাচৰ : হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফে উদযাপন কৰিলে দীপাৱলী। সীমান্তৱৰ্তী এলেকাত বসবাস কৰা লোকক বিএছএফৰ মিঠাই বিতৰণ। কাইটীয়া তাঁৰৰ বেৰৰ কাষত কৰ্তব্যৰত বিএছএফৰ জোৱানে পহৰাৰ মাজে শাৰি শাৰিকৈ জ্বলালে চাকি।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত আজি ৬ নং বেটেলিয়ান বিএছএফে পোহৰৰ উৎসৱ দীপাৱলী উলহ মালহেৰে উদযাপন কৰে। দীপাৱলী উপলক্ষে আজি পুৱাৰে পৰা ৬ নং বেটেলিয়ানৰ কমাণ্ডেণ্ট এম আৰ মীনাৰ নেতৃত্বত হাটশিঙিমাৰী আৰু মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী এলেকাত বসবাস কৰা সাধাৰণ লোক, পঞ্চায়ত প্ৰতিনিধি আৰু সাংবাদিক সকলক মিঠাই বিতৰণ কৰা হয়।
পুৱাৰ ভাগত বাংলাদেশ গাৰ্ড বৰ্ডাৰ চমুকৈ বিজিবিক ঠায়ে ঠায়ে ফ্লেগ মিটিঙৰ জৰিয়তে মিঠাই বিতৰণ কৰা হয়। ইফালে বিয়লিৰ ভাগত কমাণ্ডেণ্ট এম আৰ মিনাসহ বিএছএফৰ কেইবাগৰাকী শীৰ্ষ বিষয়াৰ উপস্থিতিত আছামেৰ আলগা বিএছএফ কেম্পতো বিএছএফ জোৱান সকলে সীমান্তৱৰ্তী গাঁওবাসীৰ মাজত মিঠাই বিতৰণ কৰি সন্ধিয়াৰ ভাগত বিএছএফ কেম্পতে চাকি জ্বলাই পোহৰৰ উতসৱ দীপাৱলী উদযাপন কৰে।
ইফালে আছামেৰ আলগা বিএছএফ কেম্প এলেকাত থকা ভাৰত-বাংলাদেশ সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ কাষত ৬ নং বেটেলিয়ানৰ কমাণ্ডেণ্ট এম আৰ মিনা আৰু একাংশ বিএছএফৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত সীমান্তত কৰ্তব্যৰত জোৱান সকলে চাকি জ্বলাই উলহ মালহেৰে দীপাৱলী উদযাপন কৰে। দেশৰ নিৰাপত্তাৰ বাবে ঘৰৰ পৰা বাহিৰত থাকি ২৪ ঘণ্টা সীমান্তত পহৰা দি অহা বিএছএফ জোৱান সকলে ঘৰত পৰিয়ালৰ সৈতে উৎসৱ উদয়াপন কৰিব নোৱাৰিলেও কৰ্তব্যৰ মাজতে দীপাৱলী উদযাপন কৰি নিজকে সুখী বুলি অনুভৱ কৰে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান সকলে। এগৰাকী মহিলা বিএছএফ জোৱান নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেশবাসীলৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে।
লগতে পঢ়ক : মুকালমুৱাত উৱলি যোৱা মহিলাৰ মৃতদেহ উদ্ধাৰ
আনহাতে ধুবুৰী ছেক্টৰৰ অধীনত থকা ৬ নং বেটেলিয়ান বিএছএফৰ কোম্পানী কমাণ্ডেণ্ট এম আৰ মিনাই দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰি সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ঘৰৰ পৰা বাহিৰত থাকি দেশৰ নিৰাপত্তাৰ বাবে সীমান্তত কৰ্তব্যৰত জোৱান সকলক উৎসাহিত কৰাৰ বাবে এইবেলি সীমান্তত এইদৰে দীপাৱলী উলহ মালহেৰে উদযাপনৰ কাৰ্যসূচী হাতত লোৱা হৈছে।