মানকাচৰৰ ভাৰত বাংলা সীমান্তত গৰুৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে বি এছ এফৰ অভিযান
কাঁইটীয়া তাৰৰ বেৰৰ ওপৰেদি গৰু পাৰ কৰিবলৈ যোৱা গৰু ব্যৱসায়ীক বি এছ এফৰ গুলী
বি এছ এফৰ গুলীত নিহত এজন গৰু সৰবৰাহকাৰী।নাম এতিয়ালৈ জানিব পৰা হোৱা নাই।
লোক জন বাংলাদেশ বুলি জানিব পৰা গৈছে। বাংলাদেশৰ পৰা আহি গৰু গৰু পাৰ কৰিব বিচাৰিছিল।
ঘটনাস্থলীৰ পৰা এটা গৰু আৰু বাহৰ কেৰেং উদ্ধাৰ কৰে।
চোৰাং গৰু সৰবৰাহকাৰীটোৱে পুৱতিনিশা বাহৰ কেৰেঙৰে গৰু বাংলাদেশলৈ পাৰ কৰি থকাৰ সময়ত পহৰাৰত সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত নিহত হোৱাৰ সন্দেহ।
বাংলাদেশী চোৰাং গৰু সৰবৰাহকাৰীটো সীমান্তৰ কাইটীয়া তাঁৰৰ গুৰিতে বাংলাদেশৰ সীমাৰ ভিতৰত পৰি থকা প্ৰত্যক্ষ কৰে।
ঘটনাস্থলীত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সত্যৰঞ্জন শইকীয়া আৰু বি এছ এফৰ উচ্চ পৰ্যায়ৰ বিষযা উপস্থিত হৈ বিষয়টো তদাৰক কৰিছে।
লগতে পঢ়ক- অৱশেষত নগা উগ্ৰপন্থী সংগঠনে ভাৰত-ম্যানমাৰ সীমান্তত মুকলি কৰি দিলে হীৰেন কোঁচক