দক্ষিণ শালমাৰা : অসমত গৰুৰ চোৰাং সৰবৰাহ বন্ধ হ’ব কেতিয়া? এই প্ৰশ্নৰ উত্তৰ হয়তো অসম চৰকাৰ বা অসম আৰক্ষীৰ হাতত নাই। কাৰণ চৰকাৰ তথা আৰক্ষী প্ৰশাসনে যিমানেই গৰুৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম আইন বলবৎ নকৰক কিয় অসম-বাংলাদেশ সীমান্তৰ মাজেৰে সিমানে নতুন নতুন কৌশলেৰে গৰু মাফিয়াই গৰু সৰবৰাহ কৰি অহা ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিবলৈ ধৰিছে।

বিশেষকৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা আৰু সুখচৰ থানা এলেকাৰে প্ৰতিনিশা এতিয়া জাকে জাকে গৰু একাংশ গৰু মাফিয়াই কল গছৰ ভূৰ সাজি ভূৰৰ তলত গৰু বান্ধি নদী পথেৰে বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰতিদিনে গৰু মাফিয়াই বাংলাদেশলৈ গৰু সৰবৰাহ কৰাৰ বিপৰীতে বিএছএফে প্ৰায় প্ৰতিদিনে সীমান্তৰ পৰা গৰু জব্দ কৰি আহিছে যদিও ৰহস্যজনকভাৱে জিলাখনত আৰক্ষীয়ে গৰু জব্দ কৰাত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। শুকুৰবাৰে পুৱতি নিশাও বিএছএফে ছালাপাৰা বিএছএফ কেম্প এলেকাৰ চৰ তথা নদী সীমান্তৰ পৰা ১০ টা গৰু জব্দ কৰে।

লগতে পঢ়ক :  অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযােগিতাৰ সফল সামৰণি

গৰু কেইটা ইতিমধ্যে বিএছএফে সুখচৰ আৰক্ষীক গতাই দিয়াত আৰক্ষীয়ে গৰু কেইটা জব্দ কৰি খোৱাৰাত জমা কৰা বুলি জানিব পৰা গৈছে। ইফালে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষীৰ বিৰুদ্ধে একাংশ সংবাদ মাধ্যমত ধাৰাবাহিক প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত জিলা আৰক্ষী অধীক্ষক প্ৰতিখন থানা আৰু আৰক্ষী চকীত গৰুৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিবলৈ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই নিৰ্দেশ পাই বৃহস্পতিবাৰে অসম-মেঘালয় সীমান্তৱৰ্তী চাটিভূই এলেকাৰ পৰা কালাপানী আৰক্ষী চকীৰ আৰক্ষীয়ে ৬ টা চোৰাং গৰু জব্দ কৰি খোৱাৰাত জমা কৰিছে বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply