মানকাচৰ : নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত আছে গৰুৰ সৰবৰাহ। নদী পথেৰে এতিয়াও একাংশ গৰু সৰবৰাহকাৰীয়ে চলাই গৈছে গৰুৰ সৰবৰাহ। এইবাৰ বিএছএফে নদী পথত অভিযান চলাই জব্দ কৰিলে ২২ টাকৈ চোৰাং গৰু।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত আৰক্ষী আৰু বিএছএফে চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ মাজতো একাংশ গৰু সৰবৰাহকাৰীয়ে দিনে-নিশাই বাংলাদেশলৈ গৰু সৰবৰাহ চলাই আছে। বিশেষকৈ নিশাৰ ভাগত গৰু সৰবৰাহকাৰীয়ে নদী পথক গৰু সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে।

জিলাখনৰ নদী পথত ইতিমধ্যে আৰক্ষী আৰু বিএছএফে ধাৰাবাহিক অভিযান চলাই বহু চোৰাং গৰু জব্দ কৰাৰ লগতে এই অবৈধ বেহাৰ লগত জড়িত বহু লোক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ মাজতে পুনৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ নদী পথত বিএছএফে জব্দ কৰিছে ২২ টাকৈ গৰু।

লগতে পঢ়ক  :  নিয়োগ বাৰ্তা : অসম চৰকাৰৰ স্বাস্থ্য সঞ্চালকালয়ৰ ষ্টাফ নাৰ্ছ পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা

জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ চকীচৰ বিএছএফে নদী পথত অভিযান চলাই ২২ টাকৈ গৰু গৰু বাংলাদেশলৈ নিয়াৰ পথত জব্দ কৰে। বিএছএফে ইতিমধ্যে গৰু কেইটা দক্ষিণ শালমাৰা থানাত গতাই দিছে। উল্লেখ্য যে বৰ্তমান বানৰ সুযোগ লৈ একাংশ গৰু সৰবৰাহকাৰী অধিক সক্ৰিয়া হৈ উঠিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply