দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ছালাপাৰাত মঙলবাৰে পুৱতি নিশা বিএছএফে পুনৰ ১৬ টা চোৰাং গৰু-মহ জব্দ কৰি আৰক্ষীক গতাই দিয়ে যদিও আৰক্ষীয়ে চোৰাং গৰু বেপাৰীৰ বিৰূদ্ধে অভিযান নচলোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। পুৱতি নিশা প্ৰায় ২.৩০ বজাত ৪১ নং বিএন বিএছএফে সীমান্তত টহল দি থকা অৱস্থাত চোৰাং গৰু সৰবৰাহকাৰীৰ দল এটা কল গছৰ ভূৰৰ জৰিয়তে গৰু-মহ বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ ধৰে। তেনে সময়ত বিএছএফে ৯ টা গৰু আৰু ৭ টা মহসহ মুঠ ১৬ টা গৰু-মহ পানীৰ মাজৰ পৰা উদ্ধাৰ কৰে।

বিএছএফৰ এই অভিযানৰ সুযোগ লৈ গৰু সৰবৰাহকাৰী দলটো পলায়ন কৰে যদিও বিএছএফে গৰু-মহ কেইটা সুখচৰ থানাত গতাই দিয়াত আৰক্ষীয়ে গৰু-মহ কেইটা জব্দ কৰি খোৱাৰাত জমা কৰিছে বুলি সুখচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাস জানিবলৈ দিয়ে। মন কৰিবলগীয়া বিষয় এয়া যে মানকাচৰৰ বিশেষকৈ সুখচৰ আৰু দক্ষিণ শালমাৰা থানা এলেকায়েদি প্ৰতিনিশা জাকে জাকে গৰু বাংলাদেশলৈ সৰবৰাহ হৈ আহিছে। গৰুৰ চোৰাং সৰবৰাহকাৰীয়ে বিএছএফৰ চকুত ধূলি দি নদীত পানী বৃদ্ধি পোৱাৰ সুযোগ লৈ কল গছৰ ভূৰত গৰু, মহ বান্ধি উন্মক্ত চৰ সীমান্তৰ মাজেৰে সৰবৰাহ কৰি অহা ঘটনাই জিলাখনত সচেতন লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰায় প্ৰতিদিনে সীমান্তৰ পৰা বিএছএফে চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হৈছে যদিও ৰহস্য জনকভাৱে সুখচৰ আৰক্ষী আৰু দক্ষিণ শালমাৰা আৰক্ষীয়ে নদী সীমান্তৰ পৰা চোৰাং গৰু জব্দ কৰাত ব্যৰ্থ হৈ আহিছে।

লগতে পঢ়ক  : বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই উন্মােচন কৰিলে ফার্ন চ’চাইটিৰ পুথিভঁৰাল

বিশেষ সূত্ৰে জানিব দিয়া মতে আৰক্ষীয়ে ইচ্ছা কৰি চোৰাং গৰুৰ বিৰূদ্ধে অভিযান চলোৱা বন্ধ কৰি ৰখা পৰিলক্ষিত হৈছে। সূত্ৰৰ তথ্য যদি সঁচা হয় তেন্তে আৰক্ষীয়ে গৰুৰ চোৰাং বেপাৰীৰ লগত গোপন বুজা বুজি কৰিছে নেকি তাক লৈ সচেতন মহলত প্ৰশ্ন উত্থাপন হৈছে। কি ৰহস্য জনক কাৰণত সুখচৰ আৰক্ষী আৰু দক্ষিণ শালমাৰা আৰক্ষী চোৰাং গৰু জব্দ কৰাত ব্যৰ্থ হৈছে সেয়া জিলা আৰক্ষী তথা আৰক্ষীৰ উচ্চ পদস্ত বিষয়াই তদন্ত কৰিলে নিশ্চয় পোহৰলৈ আহিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply