চিৰাং – সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদে বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদে আগন্তক অসম বিধানসভা নিৰ্বাচনত ইউপিপিএল দলক চৰ্ত সাপেক্ষে সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰে।
দীৰ্ঘদিনে বিপিএফ দলৰ ভাতৃ সংগঠন হিচাপে থকা সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আৱাল মণ্ডলে সংবাদমেল সম্বোধন কৰি কয় যে দীৰ্ঘ ১৭ টা বছৰ সংখ্যালঘু পৰিষদে বিপিএফ দলৰ সৈতে থকাৰ পিছতো ২০১২ আৰু ২০১৪ চনৰ দৰে গোষ্টী সংঘৰ্ষৰ বলি হ’বলগীয়া হৈছিল সংখ্যালঘু সকল। বিপিএফে সংখ্যালঘু লোকৰ উন্নয়ণৰ বাবে কোনো ধৰণৰ বিষেশ কাম নকৰিলে বুলি অভিযোগ কৰে সভাপতি জনে।
প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএল দলে পৰিষদ গঠনৰ পিছতে ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সজাতী দল এটাই বিটিচিৰ সংখ্যালঘু সকলৰ বিভিন্ন দাবী লৈ প্ৰমোদ বড়োক সাক্ষাৎ কৰি স্মাৰক প্ৰদান কৰাৰ কথাও সংবাদমেলত জানিবলৈ দিয়ে সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি গৰাকীয়ে।
প্ৰমোদ বড়োৰ সঁহাৰিত পৰিষদে চৰ্ত সাপেক্ষে এইবাৰ বিধানসভা নিৰ্বাচনত ইউপিপিএল দলক সমৰ্থন জনাব বুলি সংবাদমেলত প্ৰকাশ কৰে ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আওৱাল মণ্ডলে। সংবাদমেলৰ পুৰ্বে পৰিদষৰ এক কাৰ্যকৰী সভা অনুষ্ঠিত হয় হোটেলখনত।