বাক্সাঃ বড়োলেণ্ড টুৰিজিম ডেভেলপমেন্ট চ’ছাইটি চমুকৈ বি টি ডি এচৰ নতুন সমিতি গঠন।

বড়োলেণ্ড টুৰিজিম ডেভেলপমেণ্ট চ’ছাইটিৰ নতুন সমিতি গঠন কৰাৰ উদ্দেশ্যেৰে মানহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত অৱস্থিত ফ্ল’ৰিকান কটেজত এখন সভা অনুস্থিত হৈ যায়। বিটিচি অঞ্চলৰ পৰ্যটন ক্ষেত্ৰখনৰ সৰ্বাংগীন উন্নতিৰ কৰাই হল সভাৰ মূল উদ্দেশ্য।

উক্ত সভাত উপস্থিত থাকে বিটিচিৰ পৰ্যটন বিভাগৰ মুৰব্বী তথা ডাইৰেক্টৰ মৈত্ৰেয়ী দাস, অৱসৰপ্ৰাপ্ত বন বিষয়া(এফএচ) চি এচ ভোবৰা,লগতে সভাত উপস্থিত থাকে বিটিচি ৰ পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত ষ্টেকহ’ল্ডাৰ সকল।

লগতে পঢ়কঃডবকাত গুলী চালনাৰ ঘটনা


উদয় স্বৰ্গীয়াৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত উপস্থিত থাকি মূখ্য অতিথিৰ ভাষণত ভোবৰাই কয় পৰ্যটন আৰু বন বিভাগৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। তেও কয় যে ঈশ্বৰে অসমখন সাংঘাটিক আশিৰ্বাদেৰে উপচাই ৰাখিছে।এই আশীৰ্বাদক আমি সঠিক পথেৰে লৈ গৈ পৰ্যটন ক্ষেত্ৰখন টনকিয়াল কৰি তুলিব পাৰো। বন-জংগল আৰু বন্যপ্ৰাণী সমূহক সুৰক্ষা দিহে পৰ্যটন কৰিব লাগে বুলি ভোবৰাই উপদেশ দিয়ে।

লগতে তেওঁ কয় বিশিষ্ট প্ৰকৃতিসংৰক্ষক তথা বন বিষয়া ধৰনীধৰ বড়ো পৰ্যটনৰ বৰ্তমান সময়ত অতি দ্ৰুত গতিত গঢ় লোৱা উদ্যোগ বুলি উল্লেখ কৰা অৱসৰপ্ৰাপ্ত বিষয়া।


লগতে তেখেতে কয় যে বিটিচিত যমদুৱাৰৰ পৰা ভৈৰৱকুণ্ডলৈ সমগ্ৰ বিটিচি অঞ্চলত পৰ্যটনৰ প্ৰচুৰ সম্ভৱনা আছে।গতিকে এই সম্ভাৱনীয়তাক পৰ্যটন উদ্যোগলৈ ৰূপান্তৰিত কৰিব লাগে।
উক্ত সভাত উৎপল শইকীয়াৰ লগতে বাবুল ব্ৰহ্ম উপস্থিত থাকি নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে।উল্লেখ্য যে নৱগঠিত চ’ছাইটিৰ বাবে বিটিচিৰ টুৰিজিমৰ পৰা ৫০হাজাৰ বৰঙনি আগবঢ়ায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,510 other subscribers

Leave a comment

Leave a Reply