যিকোনো মুহূৰ্তত বিটিচি দখল কৰিবলৈ সাজু হৈছে বিপিএফ । UPPL, বিজেপিৰ ৫-৬জন পাৰিষদে শীঘ্ৰে যোগ দিব বিপিএফত, এই মন্তব্য কৰিছে বিপিএফ নেতা খাম্ফা বৰগয়াৰীয়ে ।
খাম্পাৰ মতে অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ’বলগীয়া ২ মে’ৰ ভিতৰত বিটিচি দখল কৰিবৰ বাবে বিপিএফ সাজু হৈছে ।
সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পূৰ্বেই হৰ্ছ ট্ৰেডিঙৰ আশংকা কৰিয়েই বিপিএফৰ প্ৰাৰ্থীসকলক বিদেশলৈ পঠিয়াব লগীয়া হোৱা দলটোৱে কেনেদৰে বিটিআৰ নিজৰ দখললৈ নিব তাৰ বাখ্যা অবশ্যে দিব নোৱাৰিলে নেতা গৰাকীয়ে । বিটিআৰৰ ১২খন আসন পামেই বুলি দাবী কৰা খাম্পা বৰগয়াৰীয়ে
তেওলোকৰ মানুহ বিক্ৰী নহয় বুলি দাবী কৰাৰ লগতে
হৰ্ছ ট্ৰেডিঙৰ আশংকাত নহয় তেওলোকৰ প্ৰাৰ্থীসকল ফুৰিবলৈহে গৈছে বুলি মন্তব্য কৰে । প্ৰাৰ্থীত্ব পোৱাৰ পিছতো ভোটদানৰ পূৰ্বে এজনে দল ত্যাগ কৰি বিজেপিত যোগদান কৰা বিপিএফে গোপনে আৰম্ভ কৰিছে বিটিআৰ দখলৰ কৌশল । উল্লেখ্য যে এতিয়াও সন্ধানহীন বুলি দাবী কৰে UPPLৰ ৫, বিজেপিৰ এজন পাৰিষদ ।