নিউজ ডেস্ক- আজি হৈছে বুদ্ধ পূৰ্ণিমা। এই পূৰ্ণিমা ৪ মে’ৰ নিশা ১১ বাজি ৪৪ মিনিটত আৰম্ভ হৈছে আৰু ই ৫ মে’ৰ নিশা ১১ বাজি ৪ ছেকেণ্ডত সমাপ্ত হ’ব।

এই দিনটোতে বুদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক বুদ্ধ দেৱৰ জন্ম হৈছিল। এই বুদ্ধ পূৰ্ণিমা বৌদ্ধসকলৰ আটাইতকৈ পৱিত্ৰ উৎসৱ। বৌদ্ধ ধৰ্মালম্বী লোকসকলৰ লগতে সিন্ধু ধৰ্মালম্বী লোকসকলেও এই উৎসৱ পালন কৰে। বুদ্ধদেৱ হৈছে ভগৱান বিষ্ণুৰ নৱম অৱতাৰ।

ব’হাগ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। এই পবিত্ৰ তাৰিখত বুদ্ধৰ জন্ম হয়, এই দিনটোত সিদ্ধি প্ৰাপ্ত হয় আৰু উক্ত দিনটোতে মহাপৰিনিৰ্বাণ প্ৰাপ্ত হয়। আজিৰ দিনটোত বৌদ্ধধৰ্মালম্বী লোকসকলে পঞ্চশীল,  অষ্টশিল, সূৰ্যশ্ৰাৱন আৰু সামূহিক প্ৰাৰ্থনা কৰে আৰু বহুলোকে উপবাসেও থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply