সোণাৰি: দক্ষিন পূৱ এচিয়াত বাস কৰা বৌদ্ধ ধৰ্মাৱলম্বী টাই সকলৰ লগতে চৰাইদেউ জিলাৰ চলা শ্যাম গাৱঁৰ টাই খাময়াং সকলেও ১৫ আৰু ১৬ফেব্ৰুৱাৰীত “মাই কৌ চুম ফাই” উৎসৱ পালন কৰে ৷ এই উপলক্ষে প্ৰথম দিনা গধূলী কাঠৰ মেজি নিৰ্মাণ কৰি আৰু ধৰ্মীয় পঞ্চশীল গ্ৰহণ কৰি মেজিত জুই দিয়া হয় ৷

টাই ভাষাত “মাই” মানে খৰি “কৌ” জাপি দিয়া “চুম” মানে সংযোগ কৰা আৰু “ফাই” মানে জুই ৷ দ্বিতীয় দিনা পূৱা বিশেষ খাদ্য “খাও যা কু” প্ৰস্তুত কৰি আপ্যায়ন কৰা হয় ৷

টাই বৌদ্ধ সকলৰ বিশ্বাস অনুসৰি চাউল আৰু বিভিন্ন ধৰনৰ ঘৰুৱা আৰু বনৰীয়া শাক পাতৰ সংমিশ্ৰনেৰে প্ৰস্তুত কৰা “খাও যা কু”খালে মানুহ নিৰোগী হৈ থাকে ৷ইয়াৰ পাছত বৌদ্ধ বিহাৰত “খাম চিন থম ট্ৰা” কৰি এই উৎসৱৰ সামৰণি মৰা হয়৷

“মাই কৌ চুম ফাই” উৎসৱক টাই বৌদ্ধ সকলে তথাগত বুদ্ধৰ আয়ুস ক্ষয়ৰ দিন বুলি বিশ্বাস কৰি আহিছে ৷উল্লেখযোগ্য বহাগী পুৰ্ণিমাত যে নিজৰ মৃত্যু ঘটিব সেই কথা বুদ্ধই নিজেই মাঘী পুৰ্ণিমাৰ দিনাই শিষ্য বৰ্গক ব্যক্ত কৰিছিল ৷

বৌদ্ধ গ্ৰন্থত উল্লেখ থকা উক্ত ঘটনাৰ আলম লৈয়েই সমগ্ৰ দক্ষিণ পূৱ এচিয়াৰ টাই বৌদ্ধ সকলে এই উৎসৱ পালন কৰে ৷ অসমত আৰু অৰুণাচলত বাস কৰা টাই খাময়াং,টাই ফাকে,টাই আইতন, টাই তুৰুং, টাই খামটি সকলৰ লগতে চিংফৌ সকলেও এই উৎসৱৰ পালন কৰে ৷

লগতে পঢ়ক- লালকিল্লাত কৃষকৰ ধ্বজা উৰুৱাই গ্ৰেপ্তাৰ হোৱা পাঞ্জাবী অভিনেতা দীপ সিদ্ধুৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply