কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটত বহু কেইটা নতুন আঁচনিৰ কথা ঘোষণা কৰা হৈছে। এই বাজেটে দেশক পৰৱৰ্তী ২৫ বছৰৰ বাবে ভেটি প্ৰদান কৰিব। পৰৱৰ্তী বিত্তীয় বৰ্ষত অৰ্থনৈতিক বিকাশ ৯.২ শতাংশ হ’ব বুলি আশা কৰা হৈছে।
উত্তৰ পূবৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীৰ বিশেষ আঁচনি ঘোষণা। এতিয়াৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ সকলো আঁচনিতে থাকিব ৰাজ সাহায্য থাকিব বুলি কোৱা হৈছে। উত্তৰ পূবৰ বিকাশৰ বাবে ১৫ শ কোটি টকাৰ পেকেজ ঘোষণা।
এতিয়াৰে পৰা ডাকঘৰটো এতিয়া অনলাইন ট্ৰাঞ্চফাৰ কৰিবলৈ সক্ষম হ’ব। ডাকঘৰবোৰ মূল বেংকিং সেৱাৰ অধীনলৈ আহিব। ৭৫ খন জিলাত ডিজিটেল বেংকিং আৰম্ভ কৰা হ’ব। ২০২২ চনৰ পৰা, ডাকঘৰবোৰে ডিজিটেল বেঙ্কিংৰ ওপৰত কাম কৰিব। ডাকঘৰসমূহত এটিএম সুবিধা থাকিব।
এইবাৰৰ বাজেটত সৌৰ শক্তি উৎপাদনৰ বাবে আৱণ্টন ১৯,৫০০ কোটি টকা বৃদ্ধি কৰা হৈছে আৰু দেশত বৈদ্যুতিক বাহনৰ বাবে নতুন চাৰ্জিং ষ্টেচন স্থাপন কৰা হ’ব। দেশত সৌৰ শক্তিৰ বাবে সৌৰ পেনেল-আধাৰিত শক্তি প্ৰকল্পৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব বুলি উল্লেখ কৰা হৈছে।
৫জি মুকলি কৰাৰ বাবে আঁচনি গ্ৰহণ কৰা হ’ব। সকলো গাওঁ, মানুহে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পৰাকৈ এই আঁচনি।ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য ২৫ হাজাৰ কিলোমিটাৰলৈ বৃদ্ধি কৰা লক্ষ্য।অহা তিনি বছৰত ৪০০ খন নতুন বন্দে ভাৰত ৰেল নিৰ্মাণ কৰা হ’ব। ইয়াৰ সৈতে, অহা তিনি বছৰত ১০০ পিএম স্পীড পাৱাৰ কাৰ্গো টাৰ্মিনেল নিৰ্মাণ কৰা হ’ব।
ডিজিটেল বিশ্ববিদ্যালয় সৃষ্টি কৰা হ’ব আৰু বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীত টিভি স্থাপন কৰা হ’ব। দক্ষতা ভাৰত অভিযানৰ জৰিয়তে আৰু দক্ষ শ্ৰমিক বনোৱাৰ ক্ষেত্ৰত চৰকাৰী আঁচনিৰ অধীনত যুৱ শক্তিৰ কাম কৰা হ’ব। চৰকাৰী প্ৰকল্পৰ সংখ্যা বৃদ্ধি কৰা হ’ব যাতে মানুহৰ জীৱিকাৰ উপায় বৃদ্ধি কৰিব পৰা যায়।
৩০ লাখ নতুন চাকৰি সৃষ্টিৰ কথা কোৱা হৈছে বাজেটত। কাপোৰ আৰু চামৰাৰ সামগ্ৰীৰ দাম কমাইছে বাজেটত।
লগতে পঢ়ক- মহানগৰত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
ইলেক্ট্ৰনিকছৰ ওপৰত কৰ ৰেহাই দিয়া হ’ব। একে সময়তে, ৰত্ন আৰু গহনাবোৰৰ ওপৰত কাষ্টম শুল্ক ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। নকল গহনাৰ ওপৰত কাষ্টম শুল্ক প্ৰতি কিলোগ্ৰামত ৪০০ টকা হ’ব। ষ্টীলৰ স্ক্ৰেপৰ ওপৰত কাষ্টম শুল্ক আৰু এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে।