দুদিনীয়াকৈ আজিৰে পৰা আৰম্ভ হৈছে বিটিচিৰ বাজেট অধিবেশন । প্ৰথম দিনাই বিৰোধী সদস্য সকলে বৰ্জন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ ভাষণ ।

সদনৰ প্ৰশ্নত্তোৰ শিতান শেষৰ পিনে লৈ যোৱাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰয়া প্ৰকাশ কৰিলে বিৰোধীয়ে । প্ৰশ্নত্তোৰ শিতানৰ পৰিৱৰ্তে মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ ভাষণ আগলৈ আনি জনসাধাৰণৰ আশা-আকাংক্ষা মষিমুৰ কৰাৰ অভিযোগ তোলে বিৰোধীয়ে ।
বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে কৰা মন্তব্য “ভাষণ শুনিবলৈ সদনত অহা নাই । গণতন্ত্ৰৰ পৰম্পৰা ভংগ কৰিছে বিটিচিৰ সদনে।”
সংসদীয় গণতন্ত্ৰত প্ৰশ্নোত্তোৰ শিতানক প্ৰথম অগ্ৰাধিকাৰ দিয়া হয়। এইবাৰ বিটিচিত ওলোটা হৈছে ।বাজেট ভাষণ বৰ্জন কৰিলেও প্ৰশ্নত্তোৰ শিতানত পুণৰ উপস্থিত থাকিব বুলি বিৰোধী সদস্য সকলে মন্তব্য কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply