সোণাৰি: অৱশেষত নগাৰ কৱলৰ অসমৰ গঞাৰ সাতটাকৈ ম’হ মুকলি কৰি আনিবলৈ সক্ষম হ’ল চৰাইদেউ আৰক্ষী। চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীৰ নেতৃত্বত সোণাৰি আৰক্ষীৰ এটা দলে অভিযান চলাই নামতোলা আৰক্ষী, নগালেণ্ড আৰক্ষী আৰু নগালেণ্ডৰ স্থানীয় ৰাইজৰ সহযোগত নগালেণ্ডৰ মন জিলাৰ লাপা লমপুঙৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল ম’হকেইটা।

নগাৰ কৱলৰপৰা মুকলি কৰি আনিবলৈ সক্ষম হোৱা ম’হকেইটাৰ আনুমানিক বজাৰ মূল্য চাৰে তিনি লাখ টকা। উল্লেখ্য যে যোৱা শনিবাৰে সোণাৰিৰ চাহ বাগিচাৰ চৰণীয়া পথাৰৰপৰা দহটাকৈ ম’হ নগা দুস্কৃতিকাৰীয়ে লৈ যোৱা বুলি সন্দেহ কৰা হৈছিল।

নগানদী বনগাওঁ অঞ্চলৰ লক্ষেশ্বৰ কলিতা নামৰ লোক জনে তেখেতৰ দহটাকৈ ম’হ নগা দুষ্কৃতিকাৰীয়ে লৈ যোৱা বুলি গাঁওৰক্ষী বাহিনীৰ জৰিয়তে সোণাৰি আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীয়ে অনুসন্ধান চলাই আৰু সেইদিনাই নিশালৈ সোণাৰিত তিনিটাকৈ ম’হ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

নাগালেন্ডৰ মাটিত অসম আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰ কৰি নিয়া মহ

আনহাতে বাকী সাতটা মহৰ সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল আৰক্ষী। ইয়াৰ পৰিপ্ৰেক্ষিতত চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীৰ নেতৃত্বত দেওবাৰে সোণাৰি আৰক্ষী, বন বিভাগৰ কৰ্মচাৰী তথা স্থানীয় ৰাইজৰ এক যুটীয়া অভিযান চলোৱা হয় নগানদী বনগাওঁৰ পৰা কাষৰীয়া অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ গভীৰ অৰণ্যৰ মাজত।

অৱশ্যে দেওবাৰে চলা অভিযানৰ সময়ত ম’হকেইটাৰ অনুসন্ধান লাভ কৰিবলৈ সক্ষম নহল যদিও নামতোলা আৰক্ষীয়ে ম’হকেইটা নগালেণ্ডৰ লাপা লমপুঙত থকাৰ কথা বিশেষ সূত্ৰে জানিব পাৰে আৰু সোণাৰিৰ আৰক্ষীক খবৰ দিয়াত আজি সোণাৰি আৰক্ষীৰ এটা দলে নগালেণ্ডৰ নিৰ্দিষ্ট অঞ্চলটোত উপস্থিত হৈ নগালেণ্ডৰ আৰক্ষী আৰু স্থানীয় নগা ৰাইজৰ সহযোগত ম’হকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পৰৱৰ্তী সময়ত ম’হকেইটা গৰাকীৰ হাতত চমজাই দিয়ে আৰক্ষীয়ে। মন কৰিবলগীয়া যে, বিগত কেইটামান দিনত সোণাৰিৰ নগানদী বনগাওঁ অঞ্চলত নগা দুষ্কৃতিকাৰীৰ উপদ্ৰৱ বৃদ্ধি পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত শংকিত হৈ পৰিছে অসম-নগালেণ্ড সীমান্তৱৰ্তী নগানদী বনগাওঁৰ জনসাধাৰণ।

লগতে পঢ়ক-কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰি মহানগৰীৰ ৬ যুবক ৰঙাঘৰলৈ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply