প্ৰতিনিধিত্বমুলক ছবি

মৰিগাঁৱৰ ঐতিহাসিক আহতগুৰি ম’হ যুঁজ অনুষ্ঠিত কৰাত আৰক্ষীৰ বাধা। ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ বাতিল কৰা হৈছিল পহিলা মাঘত অনুষ্ঠিত হৈ অহা ঐতিহাসিক আঁহতগুৰিৰ ম’হ যুঁজ।

ইয়াৰ বিপৰীতে মৰিগাঁও জিলাৰ বিভিন্ন স্থানত পৰম্পৰা ৰক্ষাৰ্থে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছিল এই ম’হ যুঁজ। এই কায্যত জিলা প্ৰশাসনে বাধা দিয়া পৰিলক্ষিত হয় ৷
জিলাখনৰ বৈদ্যবড়ী, মিকিৰভেটা আদি যুঁজস্থলীত মোতায়েন কৰা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক ৷ আৰক্ষীয়ে উৎখাত কৰিছে যুঁজস্থলীত অস্থায়ী ভাবে স্থাপন কৰা দোকান-পোহাৰ ৷

ইতিমধ্যে ম’হ যুঁজ অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ দিছে জিলা তথা আৰক্ষী প্ৰশাসনে ৷ ইফালে এই সময়চোৱাত গোনা ম’হ সমূহে যুঁজত অৱতীৰ্ণ হ’ব নোৱাৰিলে আক্ৰমণৰ লক্ষ্য কৰি লয় গুৱাল সকলক ৷

আয়োজকসকলে ইতিমধ্যে এইবাৰ ম’হ যুঁজ বাতিল কৰা বুলি ঘোষণা কৰি যুঁজৰ বাবে ম’হসমূহ নানিবৰ বাবে আহ্বান জনাইছিল।

লগতে পঢ়ক- উৰুকাৰ দিনাও সুৰা বিক্ৰীত অভিলেখ ৰচনা গুৱাহাটী মহানগৰীৰ

এনে পৰিস্থিতিত প্ৰশাসনে বাধা আৰোপ কৰাত বিপাঙত পৰিছে ম’হৰ গোৱাল সকল ৷ উল্লেখ্য যে প্ৰশাসনৰ বাধাৰ মাজতো কালিৰ দিনটোত নগাঁও জিলাৰ গোমোঠা গাৱত পৰম্পৰাগত ভাবে ম’হ যুঁজ অনুষ্ঠিত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply