মাঘ বিহুৰ দিনাই নগাঁৱৰ গোমোঠা গাঁৱত পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ’ল ম’হ যুঁজ। ভোগালী বিহু বুলি ক’লেই সাধাৰণতে চৰ্চিত হৈ পৰে ম’হ যুঁজৰ প্ৰসংগ। এইবাৰো প্ৰতি বছৰৰ দৰে নগাঁৱৰ গোমোঠা গাঁৱৰ কৰণ কুমাৰ নেওঁগ সোৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হ’ল ম’হ যুঁজ।

নগাঁৱৰ গোমোঠা গাঁৱত অনুষ্ঠিত ম’হ যুঁজত কেইবাহালো গুনা ম’হে যুঁজ কৰে ।আনহাতে কৰণ কুমাৰ সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত ম’হ যুঁজ খন আৰম্ভ কৰে এটি বিহু নৃত্যৰে । নগাঁৱৰ গোমোঠা গাঁৱৰ পথাৰত বহু বছৰ ধৰি এই পৰম্পৰা ৰক্ষা কৰি ম’হৰ যুঁজ অনুষ্ঠিত কৰি আহিছে।


ম’হ গোৱাল সকলে প্ৰকাশ কৰা অনুসৰি মাঘত ম’হৰ শিঙত যি পোকৰ সৃষ্টি হয় তাক যুঁজৰ মাজেৰে নাশ কৰিবৰ বাবেই ম’হ গোৱাল সকলে পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰে ম’হ যুঁজ । আনফালে এই ম’হৰ যুঁজ প্ৰত্যক্ষ কৰিবলৈ জীয়ৰী-বোৱৰী, যুৱকৰ লগতে বৃদ্ধ ককা-আইতা ভিৰ কৰে পথাৰ খনত।

ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছতো গোৱালসকলৰ দাবীত এনেদৰে ম’হ যুঁজত অনুষ্ঠিত কৰিবলৈ বাধ্য হোৱা বুলি মন্তব্য কৰে ম’হ যুঁজৰ উদ্যোক্তা সকলে ৷

লগতে পঢ়ক- উৰুকাৰ নিশা লাহৰীঘাটত ভয়াবহ অগ্নিকাণ্ড

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply