কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ সদ্য অৱসৰ প্ৰাপ্ত বনাঞ্চলিক বিষয়া প্ৰদীপ কুমাৰ দেৱ গোস্বামীলৈ বিদায় সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বুধবাৰে বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় প্ৰাংগনত এখন সভা অনুষ্ঠিত হয়।

বুঢ়াপাহাৰ বনাঞ্চলৰ বন পালক যুক্তি বৰাই আঁত ধৰা সভাখনত কাজিৰঙাৰ জ্যেষ্ঠ বন বিষয়াসকলৰ লগতে বুঢ়াপাহাৰ বনাঞ্চলৰ বনকৰ্মী সকলৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ পৰিৱেশ উন্নয়ন সমিতি সমূহকে ধৰি পৰিৱেশ কৰ্মী সকলো উপস্থিত থাকে।

পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ প্ৰধিকাৰী ৰমেশ গগৈ, দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ অধিনায়ক মুকুল শইকীয়া, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস, জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিকি বৰ্মন, স্বেচ্ছাসেৱী সংগঠন আৰন্যকৰ সমন্বয়ক আৰিফ হুছেইন, কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তপন শইকীয়াকে ধৰি বিভিন্নজনে বিষয়াগৰাকীলৈ বিদায় সম্বৰ্ধনা জ্ঞাপন কৰি ব্যক্তব্য প্ৰদান কৰে।

সভাতে বুঢ়াপাহাৰ বনাঞ্চলৰ সমূহ বনৰক্ষীকে ধৰি বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী সকলেও সদ্য অৱসৰপ্ৰাপ্ত বন বিষয়াগৰাকীক বিদায় সম্বৰ্ধনা জনোৱাৰ লগতে নতুন জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখ্য যে, সুদীৰ্ঘ ৪০ বছৰে বন বিভাগৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰাৰ লগতে ২০১৮ চনৰ পৰা কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া হিচাপে কৰ্তব্য নিষ্ঠাৰে দায়িত্ব পালন কৰি ২৮ ফেব্ৰুৱাৰীত আনুষ্ঠানিক ভাৱে অৱসৰ গ্ৰহণ কৰে বন বিষয়া প্ৰদীপ কুমাৰ দেৱ গোস্বামীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply