নিউজ ডেস্কঃ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য এলেকাত বনকৰ্মী- বেদখলকাৰীৰ মাজত সংঘৰ্ষ।
অভয়াৰণ্য এলেকাত জেওৰা দিয়াক লৈ সংঘৰ্ষৰ সূত্ৰপাত।
বুঢ়াচাপৰি বন্যপ্ৰাণীৰ সংৰক্ষিত লাঠিমাৰি বন শিবিৰ এলেকাত একাংশ লোকে বেদখল কৰা অঞ্চলৰ জেওৰা ভাঙিবলৈ গৈছিল বনকৰ্মীৰ এটা দল।
কিন্তু বনকৰ্মীৰ দলটোক একাংশ লোকে বাধা দিয়ে ইয়াকে লৈ বনকৰ্মী আৰু বেদখলকাৰীৰ মাজত সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডাৰ।
ক্ষন্তেক পিছতেই বনকৰ্মীক ভেটিবলৈ শতাধিক পুৰুষ-মহিলাই হাতে হাতে লাঠি আৰু চোকা অস্ত্ৰ লৈ আক্ৰমণ কৰিবলৈ আহে আৰু বনকৰ্মী – বেদখলকাৰীৰ মাজত সৃষ্টি হয় তুমুল সংঘৰ্ষ।
বেদখলকাৰীৰ আক্ৰমণত আহত হয় তিনিগৰাকীকৈ বন বাহিনীৰ লোক।
সংঘৰ্ষত কেইবাগৰাকীয়ো বেদখলকাৰীয়ো আহত হৈছে। আহতৰ মাজত একাধিক মহিলাও আছে।
আৰু পঢ়কঃপুঠিমাৰী নৈৰ গৰাখহনীয়াই নিদ্ৰাহৰিছে গোৰেশ্বৰৰ নৈ পৰীয়া ৰাইজৰ