আজাৰা : আজাৰাত চলন্ত গাড়ীত অগ্নিকাণ্ড। চলন্ত চুইফট ডিজাইৰত লাগিল ভয়ংকৰ জুই। বায়ু সেনাৰ অগ্নি নিৰ্বাপনৰ দল উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

বিমানবন্দৰৰ পৰা যাত্ৰী লৈ শ্বিলঙলৈ গৈ থকা অৱস্থাতে আজাৰাৰ সমীপৰ গুৱাহাটী-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথতে দপদপাই জ্বলি উঠিল বাহনখন। এ এছ-০১-এম চি-৬৫৮০ নম্বৰৰ চুইফট বাহনত বিজুতি ঘটি সংঘটিত হয় এই অগ্নিকাণ্ড।

লগতে পঢ়ক : নকল টকা সৰবৰাহ কৰা ৭ দুৰ্বৃত্ত আৰক্ষীৰ জালত

বৰঝাৰ বিমানবন্দৰৰ পৰা ২ গৰাকী মহিলাসহ ৪ জন যাত্ৰী লৈ শ্বিলঙলৈ গৈ আছিল বাহনখন। ঘটনাস্থলীত বায়ু সেনা বাহিনীৰ অগ্নি নিৰ্বাপক দল উপস্থিত হৈ জুই নিয়ন্ত্ৰন কৰে। ঘটনাস্থলীত উপস্থিত হয় ২ খনকৈ অগ্নি নিৰ্বাপক বাহন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply