মৰাণৰ সমীপৰ বকতা বৰদেউধাই গাৱঁৰ পথত নিশা দাওদাওকৈ জ্বলিল এখন অল্টো বাহন ৷ পথত নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলতেই অগ্নিকাণ্ডত ভস্মীভূত বাহনখন ৷
বাহনখনৰ নম্বৰ AS06V0891 ৷ বাহন খনৰ চালক জনক স্থানীয় ৰাইজৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰন কৰা হয় ৷ পাছত বকতা নেমুগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ৷
জুইৰ লেলিহান শিখাই আগুৰি ধৰা জুই স্থানীয় ৰাইজে নুমোৱাৰ অপ্ৰাণ চেষ্টা চলাই ৷ বহু পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনা স্থলীত উপস্থিত হয় যদিও বাহনৰ যান্ত্ৰিক বিজুতিৰ বাবে বাল্টিংত পানী নি জুই নিৰ্বাপন কৰিব লগা হয় ৷
এই অগ্নি ইমানেই ভয়াবহ আছিল যে বাহনখন সম্পূৰ্ণ ভস্মীভূত হৈ পৰে ৷
লগতে পঢ়ক – গুজৰাটৰ পৰা উদ্ধাৰ অসমৰ ৮ গৰাকী যুৱক-যুৱতী