মৰিগাঁওঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ লগতে অসম আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত হোৱাৰ লগতে ব্যাপকহাৰত জব্দ হৈছে নিচাযুক্ত সামগ্ৰী ৷
ইপিনে মুখ্যমন্ত্ৰীয়ে জব্দকৃত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী দাহনৰ শুভাৰম্ভ কৰাৰ পিছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ হোৱা এনে নিচাযুক্ত দ্ৰব্যৰ দাহন চলি আছে ৷
লগতে পঢ়কঃউৎকোচৰ বাবেই নগাঁও কাৰাগাৰৰ ফাৰ্মাচিষ্টক গ্ৰেপ্তাৰ
সেইমৰ্মে বুধবাৰে মৰিগাঁৱতো শীৰ্ষ আৰক্ষী বিষয়াৰ ব্ৰজেন জিত সিনহাৰ উপস্থিতিত দাহ কৰা হয় চাৰি কোটি ৮০ লাখ টকাৰ নিচাযুক্ত সামগ্ৰী ৷
মৰিগাঁও কাৰাগাৰ ফিল্ডত ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজত দিনৰ ১১বাজি৩০ মিনিটত দাহ কৰা হয় এই নিচাযুক্ত সামগ্ৰীসমূহ ৷