নিউজ ডেস্ক: লখিমপুৰ জিলাৰ সদৰৰ পৰা গৃহৰক্ষী বাহিনীৰ জোৱান লৈ কাছাৰ জিলা অভিমুখে গৈ থকা এখন যাত্ৰীবাহী নৈশবাছ দূৰ্ঘটনাগ্ৰস্থ হোৱাত দুজন লোক নিহত হয় । প্ৰাণজিত নামৰ নৈশ বাছ খনৰ চালক জনৰ লগতে এজন হোম গাৰ্ড নিহত হৈছে। নিহত হোমগাৰ্ডজনৰ নাম হেম কান্ত গগৈ।
বাছখন মেঘালয়ত প্ৰৱেশ কৰাৰ পিছতেই হালকাধি নামৰ ঠাইত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৯০ ফুট তলত পৰি যায় । এই দুৰ্ঘটনাত ৩২ জন আহত হৈছে, সকলোকে শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছে। আহতসকলৰ ভিতৰত ১৫ জনৰ অবস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।
গৃহৰক্ষী জোৱান কঢ়িয়াই নিয়া বাছ দূৰ্ঘটনাগ্ৰস্থ ,২ জনৰ মৃত্যু,৩২ জন আহত
বাছখনৰ খনৰ চালকজন মৃত্যু হয় | ৩২ জন আহতৰ ১৫ জনৰ অৱস্থা সংকটজনক, শিলচৰ মেডিকেলত চিকিৎসাধীন
