ৰাজ্যত যাত্ৰীবাহী বাছৰ ভাড়া বৃদ্ধিৰ সম্ভাৱনা । ৭০ শতাংশ বাছ ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে ৰাজ্যিক পৰিবহণ আয়ুক্তক । অসম মটৰ পৰিবহণ সন্থাই পৰিবহন আয়ুক্তক ৭০ শতাংশ বাছ ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ দাখিল কৰিছে ।

সদৌ অসম মটৰ পৰিবহন সন্থাৰ সচিব প্ৰদীপ দাসে জানিবলৈ দিয়া মতে পেট্ৰল জাতীয় সামগ্ৰীৰ লগতে সকলো ক্ষেত্ৰতে মূল্যবৃদ্ধি হোৱাৰ বাবেই এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে।

৭০ শতাংশ ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ দিলে মটৰ পৰিবহণ সন্থাই । পেট্ৰ’ল-ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এই প্ৰস্তাৱ দিলে । পৰিবহণ আয়ুক্তলৈ স্মাৰক পত্ৰ দিলে মটৰ পৰিবহণ সন্থাই। নতুন নিৰিখ মতে চিটি বাছত উঠিলে আপুনি দিব লাগিব ১৭ টকা।

মটৰ পৰিবহন সন্থাৰ এই প্ৰস্তাব কাৰ্যকৰী কৰিলে সৰ্বসাধাৰন ৰাইজ ভয়াবহ বিপদৰ সন্মুখীন হ’ব । ৰাজ্য চৰকাৰে ইয়াৰ পূৰ্বে বাছ ভাড়া বৃদ্ধিৰ প্ৰস্তাব দিছিল যদিও পৰিবহন বিভাগে এই প্ৰস্তাব এৰাধৰাৰ মাজেৰে কাৰ্যকৰী কৰিছিল।এইবাৰ ৭০% বৃদ্ধি প্ৰস্তাব মটৰ পৰিবহণ সংস্থাৰ পৰিবহন বিভাগে কি দৰে লয় তাৰ ওপৰতেই ৰাইজৰ ভবিষ্যৎ নিৰ্ভৰ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply