প্ৰতিনিধিত্বমূলক ফটো

কৰোনা সংক্ৰমণৰ সুযোগ লৈ এচাম অসাধু ব্যৱসায়ীয়ে হঠাত্‍ বাছ ভাৰা বৃদ্ধি কৰাৰ পিছতো মৌন ৰাজ্যৰ পৰিৱহন বিভাগ ৷ শেহতীয়াকৈ অধিকাংশ সুযোগ সন্ধানী ব্যৱসায়ীয়ে দূৰণিবটীয়া, কম দূৰত্বৰ বাহনত ১০০-১৫০% ভাৰা বৃদ্ধি কৰিছে ৷ আকস্মিক ভাবে এইদৰে ভাৰা বৃদ্ধিক লৈ হাহাকাৰ অৱস্থা যাত্ৰীসকলৰ মাজত ৷ চৰকাৰৰ কোনো নিৰ্দেশনা নথকাকৈয়ে নিজৰ ইচ্ছা মতেই এইদৰে ভাৰা বৃদ্ধি কৰাৰ পিছতো পৰিবহন বিভাগ মৌন হৈ আছে ৷

গুৱাহাটী মহানগৰীৰ বিভিন্ন পথত চলাচল কৰা চিটীবাছ, মেজিক, ই–ৰিক্সা, অট’ ৰিক্সাকে ধৰি ব্যক্তিগত বাহনসমূহে যাত্রীৰ পৰা অত্যধিক ভাৰা আদায় লৈ আহিছে৷ ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে এছ অ’ পি জাৰি কৰাৰ পিছতে বিগত দুটা দিনত ৫০ শতাংশ যাত্রী কঢ়িওৱাৰ দোহাই দি চিটীবাছ–মেজিকৰ চালকে যাত্রীৰ পৰা ২–৩ গুণ ভাৰা আদায় কৰি অহাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

ইয়াৰোপৰি একাংশ চিটীবাছ চালকে ক’ভিডক লৈ জাৰি কৰা নীতি–নির্দেশনা উলংঘা কৰি মাস্ক, সামাজিক দূৰত্ব বজাই নৰখাকৈ কেৱল ধনৰ লোভত অত্যধিক যাত্রী কঢ়িওৱা বিষয়টো গুৰুত্বসহকাৰে লোৱা নাই আৰক্ষী আৰু পৰিবহণ বিভাগে৷ নীতি–নির্দেশনা উলংঘাৰে মহানগৰীৰ ৰাজপথত চলাচল কৰা চিটীবাছ–মেজিক–ট’ৰিক্সাৰ চালকক একাংশ সচেতন লোকে সকীয়াই দিয়াৰ পিছতো অত্যধিক যাত্রী কঢ়িওৱাৰ লগতে পূর্বতকৈ ২–৩ গুণ ভাৰা আদায় লৈছে৷

ভাৰাক লৈ চিটীবাছ আৰু মেজিক চালকে যাত্রীসকলক দুর্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে৷ ইফালে, নাৰেংগীৰ পৰা চন্দ্রপুৰৰ পথত চলাচল কৰা চিটীবাছ, মেজিক আৰু অন্যান্য ব্যক্তিগত বাহনসমূহেও ২–৩ গুণ অত্যধিক ভাৰা আদায় কৰিছে৷ নাৰেংগীৰ পৰা চন্দ্রপুৰলৈ পূর্বৰ ভাৰা আছিল ২০ টকা৷

ইয়াৰ পৰিৱর্তে বিগত দুটা দিন ধৰি বাহনৰ চালকসকলে ৫০–৬০ টকাকৈ আদায় কৰি আহিছে৷ ৫০ শতাংশ যাত্রী কঢ়িওৱাৰ সুযোগ লৈ যাত্রীৰ পৰা ২–৩ গুণ ভাৰা আদায় কৰি অহা বিষয়টো আৰক্ষী আৰু পৰিবহণ বিভাগে ৷

সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সচিবপ্রধান প্রদীপ দাসে ৰাজ্য চৰকাৰে ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজিবলৈ জাৰি কৰা ক’ভিড প্রট’কল এশ শতাংশ মানি ল’বলৈ পৰিবহণ ব্যৱসায়ীসকল প্রতিশ্রুতিবদ্ধ বুলি এক প্রেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিছে৷ লগতে ৫০ শতাংশ যাত্রীৰ পৰা আদায় কৰা ভাৰাৰে গাড়ীৰ ইন্ধন, কর্মচাৰীৰ দা–দৰমহা, গাড়ীৰ মেৰামতি, চৰকাৰী কৰ–কাটল আদায় দিয়াটো সম্ভৱ নহয়৷

সেয়েহে চৰকাৰ আৰু পৰিবহণ বিভাগক বুজাবুজিৰে ভাৰা বৃদ্ধি কৰি দিয়াৰ বাবে পৰিবহণ সন্থাই আহ্বান জনাইছে৷ লগতে টোলগেটৰ মাচুল ৰেহাই দিবলৈও সন্থাই আহ্বান জনাইছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply