নিউজ ডেস্কঃ পুনৰ বৃদ্ধি পালে চিটী বাছৰ ভাড়া। সাধাৰণ ৰাইজৰ মূৰত ৰামটাঙোন সোধালে পৰিবহন বিভাগে। গুৱাহাটী মহানগৰীত এতিাৰ পৰা চিটীবাছৰ ভাড়াৰ নতুন নিৰিখ দিয়া হৈছে।

চিটী বাছত নূন্যতম ১৫ টকাৰ পৰা সৰ্বাধিক ৩০ টকা পৰ্যন্ত দিব লাগিব ভাড়া সৰ্বসাধাৰণ ৰাইজে। ৫ৰ পৰা ৯ কিলোমিটাৰ দূৰত্বৰ বাবে ১৫ টকা ভাড়া দিব লাগিব বাছত।

তদুপৰি, ৯ৰ পৰা ১৩ কিলোমিটাৰ দূৰত্বলৈ ১৮ টকা, ১৩-১৭ কিলোমিটাৰলৈ ২২ টকা, ১৭-২১ কিলোমিটাৰ পৰ্যন্ত ২৮ টকা আৰু ২১-২৫ কিলোমিটাৰ পৰ্যন্ত ৩০ টকা ভাড়া ধাৰ্য কৰা হৈছে।

ইফালে, ২৫ কিলোমিটাৰতৰ পৰা অধিক দূৰত্বত প্ৰতি কিলোমিটাৰতে নিৰ্ধাৰণ কৰা হৈছে অতিৰিক্ত ১ টকাকৈ ভাড়া। 

২০১৮চনৰ চিটী বাছৰ ভাড়াৰ সৈতে যদি তুলনা কৰো ২০২২ৰ নতুনকৈ ধাৰ্য কৰা চিটী বাছৰ তেন্তে দেখিবলৈ পোৱা যায় যে- পূৰ্বে ৫-৯ কিলোমিটাৰ দূৰত্বত ১২ টকা, ৯-১৩ কিলোমিটাৰলৈ ১৫ টকা, ১৩-১৭ কিলোমিটাৰলৈ ১৮ টকা, ১৭-২১ কিলোমিটাৰলৈ ২১ টকা আৰু ২১-২৫ কিলোমিটাৰলৈ ২৩ টকা ভাড়া দিবলগীয়া হৈছিল।

অৰ্থাৎ এসময়ত ৯ৰ পৰা ১৩ কিলোমিটাৰলৈ যাবলৈ যিমান ভাড়া সাধাৰণ ৰাইজে দিবলগীয়া হৈছিল সিমান ভাড়াত এতিয়া যাব পাৰিব কেৱল ৫ৰ পৰা ৯ কিলোমিটাৰ দূৰত্বলৈহে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply