শিৱসাগৰঃ ক’ভিড সৃষ্ট পৰিবেশৰ বাবে বিগত দুই তিনিমাহ ধৰি ৰাজ্যত আন্ত:জিলা যাতায়ত বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত গভীৰ আৰ্থিক সংকটত পৰিছে বেচৰকাৰী বাছ মালিক সকল।
ইফালে এনে এক জটিল পৰিস্থিতিৰ মাজতেই চৰকাৰে ব্যৱসায়িক যান- বাহনৰ বিভিন্ন কৰ অহা ৩০ চেপ্তেম্বৰৰ ভিতৰত আদায় দিবলৈ নিৰ্দেশ জাৰি কৰাত হাহাকাৰ লাগিছে বেচৰকাৰী বাছ মালিক সকলৰ মাজত ।
আৰু পঢ়কঃচতিয়াত ক’ভিড আক্ৰান্ত পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ
আনহাতে, দীৰ্ঘদিন ধৰি বাছ সমূহৰ চলাচল বন্ধ হৈ থকাত ঋণ লৈ বাছ ক্ৰয় কৰা সকলে EMI দিয়াৰ ক্ষেত্ৰতে সমস্যাত পৰিছে বাছ মালিকসকল । বহু বাছৰ চলাচল বন্ধ হৈ থকাৰ ফলত যন্ত্ৰাংশ সমূহ বিকল হৈ যোৱা বুলি উদ্বিগ্নতা প্ৰকাশ কৰিছে উজনি অসম সন্মিলিত বাছ মালিক সন্থাই ।
এনে দুৰ্যোগ পূৰ্ণ সময়ত চৰকাৰে বেচৰকাৰী বাছ মালিক সকলক সহায় কৰাৰ পৰিবৰ্তে কৰ দিবলৈহে নিৰ্দেশ জাৰি কৰাত চিন্তিত হৈ পৰা বাছ মালিক সন্থাই ওলোটাই চৰকাৰলৈহে জনাইছে সহায়ৰ আহ্বান ।