যোৰহাট – যোৰহাট আৰক্ষীৰ জালত পৰিল বিতৰ্কিত ব্যৱসায়ী ঘনশ্যাম তচনিৱাল। ৰে’ল আৰক্ষীৰ সহযোগত যোৰহাট আৰক্ষীয়ে আটক কৰে ঘনশ্যাম তচনিৱালক। এগৰাকী যুৱতীক ধৰ্ষণৰ কৰাৰ অভিযোগত যোৰহাট আৰক্ষীয়ে সৰভোগৰ পৰা আটক কৰে বিতৰ্কিত ব্যৱসায়ী গৰাকীক।
বিতৰ্কিত ব্যৱসায়ী ঘনশ্যাম তচনিৱালক যোৰহাট আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। যোৰহাট আৰক্ষীয়ে ৰে’ল আৰক্ষীৰ সহকোগত অভিযান চলাই বৰপেটা জিলাৰ সৰভোগৰ পৰা আটক কৰে বিতৰ্কিত ব্যৱসায়ী ঘনশ্যাম তচনিৱালক।
উল্লেখ্য যে যোৱা ১৭ ফেব্ৰুৱাৰীত মৰিগাঁৱৰ এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল ঘনশ্যাম তচনিৱালৰ বিৰুদ্ধে। ধৰ্ষণৰ অভিযোগ উত্থাপিত হোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল ঘনশ্যাম তচনিৱাল।
অৱশেষত গোপন খবৰৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে ৰে’ল আৰক্ষীৰ সহযোগত সৰভোগৰ পৰা আটক কৰে ঘনশ্যাম তচনিৱালক। ধৰ্ষিতা যুৱতী গৰাকী ঘনশ্যাম তচনিৱালৰ এক প্ৰতিষ্ঠানত মেনেজাৰ ৰূপে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে।
১৭ ফেব্ৰুৱাৰীৰ দিনা ঘনশ্যাম তচনিৱালে যুৱতী গৰাকীক ধৰ্ষণ কৰিছিল বুলি অভিযোগ উথাপিত হৈছে। ইফালে আৰক্ষীয়ে ঘটনাৰল সংক্ৰান্তত এটা আপত্তি জনক ভিডিঅ’ৰ লগতে ঘটনাৰ লগত জড়িত কেইবাটাও প্ৰমাণ লাভ কৰিছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।