মহানগৰীৰ ছাত্ৰীবাৰীত কালি নিশা গুলীয়াই ব্যবসায়ী অৱদেশ যাদৱক হত্যা কৰা ঘটনাৰ সৈতে জড়িত আপৰাধী এতিয়াও আৰক্ষীয়ে ধৰিব পৰা নাই।

হত্যাকাণ্ডত চুপাৰি কিলাৰ জড়িতৰ থকাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।
বিহাৰৰ ডব্লিউ যাদৱ নামৰ লোকজনলৈ সন্দেহ আঙুলি
অৱদেশ যাদৱৰ ভতিজাকৰ। পৰিয়ালৰ লোকৰ ভাষ্য মতে অৱদেশৰ এজন ভায়েককো তিনিবছৰৰ আগতে বিহাৰত গুলীয়াই হত্যা কৰাছিল।

এই হত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰা মতে বিহাৰৰ এজন ব্যক্তিয়ে চুপাৰী কিলাৰ লগাই আদেশ যাদৱক হত্যা কৰিছে। অভিযোগ উত্থাপিত হোৱা বিহাৰৰ এই ব্যক্তিজনৰ নাম ডব্লিউ যাদৱ।

নিশাই ঘটনাস্থলীত উপস্থিত হয় বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং।
গুলীচালনাৰ ঘটনাৰ তদন্ত শীৰ্ষ আৰক্ষী বিষয়াজনৰ। তদন্ত আৰম্ভ হৈছে, শীঘ্ৰেই অপৰাধীক ধৰিব পাৰিম’। ঘটনাস্থলীত সাংবাদিকক ক’লে- বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে।

ইতিমধ্যে এই হত্যাকাণ্ডৰ সন্দৰ্ভত এক গোচৰ পল্টন বজাৰ আৰক্ষী থানাত ৰুজু হৈছে। ১০৫/২২ নম্বৰৰ গোচৰ ৰুজু হৈছে আৰক্ষী থানাত।

আৰক্ষীয়ে এই হত্যাকাণ্ডৰ ঘটনাৰ লগত সম্পৰ্ক থকাৰ সন্দেহত ছিপাঝাৰৰ পৰা ৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা ব্যক্তি ৩ জন ক্ৰমে আব্বাছ আলী, ইছমাইল আলী আৰু আকাশ আলী। ইয়াৰে আব্বাছ আলী আৰক্ষীয়ে জব্দ কৰা মটৰ চাইকেলখনৰ (AS13-D-4033) গৰাকী।

লগতে পঢ়ক- গুজৰাটৰ পৰা উদ্ধাৰ অসমৰ ৮ গৰাকী যুৱক-যুৱতী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply