নিউজ ডেস্ক : মুয়াই থাই বা থাই বক্সিং হৈছে থাইলেণ্ডৰ এবিধ প্ৰাচীন সমৰ কলা তথা দেশখনৰ ৰাষ্ট্ৰীয় খেল। সমপ্ৰতি এই সমৰ কলাই সমগ্ৰ বিশ্বতে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ ধৰিছে। আন ঠাইৰ দৰে উত্তৰ-পূবৰ নৱ-প্ৰজন্মৰ মাজতো এই খেলৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱা দেখা যায়।

শেহতীয়াভাৱে মুয়াই থাইৰ ক্ষেত্ৰত চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ এজন খেতিয়কৰ সন্তানে ৰাষ্ট্ৰীয় পৰ্য্যায়ত চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

চন্দ্ৰকান্ত দেববৰ্মা নামৰ যুৱকজনে ২০১৫ চনত মুছৌৰীত আৰু ২০১৬ চনত গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰাৰ লগতে ২০১৭ চনত মেঘালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে।

ইয়াৰ উপৰি ২০১৯ চনত ছিকিমত অনুষ্ঠিত উত্তৰ-পূব যুৱ মহোৎসৱত স্বৰ্ণ পদক অৰ্জন কৰে। ইমান বিলাক সন্মান অৰ্জন কৰা দেববৰ্মাক ২০১৯ চনত বেংককত অনুষ্ঠিত IFMA মুয়াই থাই বিশ্ব চেম্পিয়নশ্বিপৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচন কৰা হৈছিল। কিন্তু প্ৰশিক্ষণৰ সময়ত পোৱা আঘাতৰ বাবে তেওঁ উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিলে।

সৰুৰে পৰা সমৰ কলাৰ প্ৰতি দুৰ্বাৰ আগ্ৰহ থকা চন্দ্ৰকান্তই সাধাৰণতে আক্ৰমণাত্মক ৰূপত খেলিবলৈ পচন্দ কৰে। তেওঁ কয়, ‘মই আক্ৰমণাত্মক খেল খেলি বেছি ভাল পাওঁ, অৱশ্যে বিপক্ষত কোন আছে তাৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰে। প্ৰয়োজনত কেতিয়াবা ডিফেন্স খেলিলে বেছি কামত আহে।’

অৱশ্যে প্ৰতিভাৰ বলত চন্দ্ৰকান্তই নিজৰ লগতে ৰাজ্যখনৰ নাম উজ্জ্বল কৰিছে যদিও তেওঁৰ এই যাত্ৰা মুঠেই মসৃণ নাছিল। গ্ৰাম্য ভাৰতৰ আন বহু ক্ৰীড়া প্ৰতিভাৰ দৰে চন্দ্ৰকান্তৰ বাবেও এই ক্ষেত্ৰত প্ৰধান প্ৰত্যাহ্বান আছিল আৰ্থিক সমস্যা।

লগতে পঢ়ক : লখিমপুৰত স্বামীয়ে হত্যা কৰিলে পত্নীক

‘সমৰ কলাৰ এজন যুঁজাৰু হিচাপে আমি নিজৰ স্বাস্থ্য আৰু খোৱা-বোৱাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব লাগে। কিন্তু এটা কৃষক পৰিয়ালৰ পৰা অহাৰ বাবে মোৰ বাবে শৰীৰৰ সেই প্ৰয়োজনীয়তা সমূহ পূৰ্ণ কৰাটো যথেষ্ট কঠিন আছিল,’ তেওঁ কয়।

ইয়াৰ উপৰি ভাৰতৰ বহু চৰকাৰী ক্ৰীড়া সংস্থাই এতিয়াও মুয়াই থাইক স্বীকৃতি দিয়া নাই, যাৰ ফলত আন ক্ৰীড়াৰ তুলনাত ইয়াত পুঁজিৰ পৰিমাণ যথেষ্ট কম। প্ৰতিযোগী সকলে সাধাৰণতে নিজৰ পইচাৰে প্ৰশিক্ষণৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

এই সকলো বিলাক প্ৰত্যাহ্বান নেওচি চন্দ্ৰকান্তই সৰ্বশক্তিৰে কেৱল নিজে আগবাঢ়ি যোৱাই নহয় বৰঞ্চ তেওঁৰ দৰে ভৱিষ্যতৰ দিনত আৰু মুয়াই থাই প্ৰতিভাক বিকশাই তোলাত নিজকে ব্যস্ত কৰি ৰাখিছে।

নিজৰ অভিজ্ঞতাৰ কথা সুঁৱৰি তেওঁ কয়, ‘যিহেতু এই খেলবিধৰ সৈতে পৰিচয় কৰাই দিয়াৰ লগতে মোক বিনামূলীয়া প্ৰশিক্ষণ দিয়া হৈছিল, সেয়ে মইও ভ্যৱিষ্যতৰ যুঁজাৰুসকলৰ বাবে কিবা এটা কৰি যাব খোজো। পইচাৰ অভাৱত যিসকল প্ৰশিক্ষণৰ পৰা বঞ্চিত হ’ব লগীয়া হয় তেওঁলোকক আগবাঢ়ি যোৱাত মই সহায় কৰিছো।’

ভাৰতত মুয়াই থাই এতিয়াও আন সমৰ কলাৰ পৰ্য্যায় লাভ কৰা নাই যদিও ইয়াৰ প্ৰতি আগ্ৰহী উঠি অহা প্ৰজন্মক হতাশ ন’হবলৈ তেওঁ পৰামৰ্শ দিয়ে। ইণ্ডিয়ান মুয়াই থাই এছ’চিয়েশ্যনৰ সভাপতি গৰাকীয়ে কিৰেন ৰিজিজু কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী হৈ থকা কালছোৱাত তেওঁক লগ ধৰি ক্ৰীড়া মন্ত্ৰ্যালয়ক মুয়াই থাইক স্বীকৃতি প্ৰদান কৰাৰ লগতে ইয়াক খেলো ইণ্ডিয়াত অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনোৱা বুলি উল্লেখ কৰি ভৱিষ্যতে এই খেলবিধৰ যথেষ্ট সম্ভাৱনা আছে বুলি তেওঁ কয়।  

তেওঁ কয়, ‘ভাৰতত মুয়াই থাইৰ বাবে যথেষ্ট ভাল দিন আহি আছে। গতিকে পূৰ্ণ গতিত অনুশীলন চলাই যোৱা। এটা কথা মনত ৰাখিবা, অনুশীলনত যিমানেই বেছি ঘাম ব’ব ৰিঙত সিমানে কমকৈ তেজ ওলাব।’

ইংৰাজীত পঢ়ক : By leaps & bounds: How a Tripura farmer’s son became a Muay Thai champ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply