নিউজ ডেস্কঃ অসম বাংলাদেশ সীমান্ত নিৰ্মাণ কৰি থকা হৈছে কাইটীয়া তাঁৰৰ বেৰ। বাংলাদেশী লোকক অবৈধ ভাৱে ভাৰতলৈ আগমণ ৰোধ কৰিবলৈ ইয়ে এতিয়া একমাত্ৰ উপায়। কেবিনেট মন্ত্ৰী অতুল বৰাই বুধবাৰে বিধানসভাৰ বাজেট অধিৱেশত জনাৱো অনুসৰি, কেৱল মাত্ৰ বৰ্তমান প্ৰায় ১.৮৯৭৬% কাইটীয়া তাঁৰৰ বেৰ দিবলৈ বাকী অসম বাংলাদেশ সীমান্ত।
লগতে তেওঁ এই বিষয়ে কয় যে, অসম বাংলাদেশ সীমান্তত কাইটীয়া তাঁৰৰ বেৰৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। ধুবুৰী মানকাচৰ এলেকাৰ ৬.১১০ কি.মি. দৈৰ্ঘ্যৰ সীমা দ ঠাইৰে যোৱা বাবে তাত কাইটীয়া তাঁৰৰ বেৰ দিব পৰা নাযায় । তাৰোপৰি কাছাৰ-কৰিমগঞ্জ এলেকাৰ ৪.৩৫ কি.মি. দৈৰ্ঘ্যৰ সীমাত Border Guard Bangladesh (BGB ) যে এডলীয়া কাইটীয়া তাঁৰৰ বেৰৰ কাৰণে আপত্তি দশোৱাৰ বাবে কাইটীয়া তাঁৰৰ বেৰা দিয়া কাম বন্ধ হৈ আছে ।
বিদেশী নাগৰিকৰ চিনাক্তকৰণক লৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই প্ৰশ্ন কৰাত মন্ত্ৰী বৰাই কয় যে, অসম চুক্তি ইং ৩১/০১/২০২৩ তাৰিখ পর্যন্ত ৰাজ্য চৰকাৰে বিদেশী ন্যায়াধীকৰণৰ জৰিয়তে মুঠ ১,৫৩,১২৯ জন অবৈধ নাগৰিকক বিদেশী বুলি চিনাক্তকৰণ কৰিছে। ১৯৭১ চনৰ আগত ৩২,১৯৩ গৰাকী আৰু ১৯৭১ ৰ পিছত ১,২০,৯৩৬ গৰাকী আৰু এতিয়ালৈকে ইং ০৫/০৩/২০২৩ তাৰিখলৈকে মুঠ ৩০,০৬৭ জন বিদেশী নাগৰিকক বহিষ্কাৰ কৰা হৈছে।
লগতে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অসম চুক্তিৰ ৭ নং দফাৰ কায্যকাৰী ক্ষেত্ৰত অসম চৰকাৰ পদক্ষেপৰ বিষয়ে শুধে। উক্ত প্ৰশ্নটোৰ উত্তৰত মন্ত্ৰী বৰাই কয় যে, অসম চুক্তিৰ ৭ নং দফাত অর্থনৈতিক উন্নয়নৰ জৰিয়তে সমাজ জীৱনৰ মানদণ্ড উন্নত কৰা তথা শিক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি আধুনিক প্রযুক্তি বিদ্যাৰ সৰ্বভাৰতীয় প্ৰতিষ্ঠান গঢ়ি তোলাৰ বাবে পোষকতা কৰিছে । ইতিমধ্যে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৭ নং দফাৰ কাৰ্য্যকৰীৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছে।