গুৱাহাটী : ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা। অহা ৩০ অক্টোবৰ ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। মাজুলীৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই।
ৰাজ্যৰ পাঁচটাকৈ সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। অহা ৩০ অক্টোবৰত ৰাজ্যৰ পাঁচটাকৈ সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। ইতিমধ্যে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে।
মৰিয়নি, থাওৰা, ভবানীপুৰ, তামুলপুৰ আৰু গোঁসাইগাঁও বিধানসভা সমষ্টিত অহা ৩০ অক্টোবৰত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে মাজুলী সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই।
প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বৰ্তমানেও মাজুলী সমষ্টিৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰা নাই বাবে মাজুলীৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই। উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হব ২ নিৱেম্বৰত।
উল্লেখ্য যে মৰিয়নি আৰু থাওৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোঁহাই বিজেপি দলত যোগদান কৰিছে। ভবানীপুৰৰ এআইইউডিএফ দলৰ বিধায়ক ফণী তালুকদাৰো বিজেপিত যোগদান কৰিছে।
লগতে পঢ়ক : ধলপুৰৰ উচ্ছেদ অভিযানৰ আঁৰৰ কাহিনী; এক ক্ষেত্ৰভিত্তিক প্ৰতিবেদন
আনহাতে গোঁসাইগাঁৱৰ বিপিএফ দলৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী আৰু তামুলপুৰৰ ইউপিপিএলৰ বিধয়াক লেহুৰাম বড়োৰ মৃত্যুৰ হোৱাত এই কেইটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। ইফালে মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱাল ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে।