কেটেতং বাবু পথাৰত বাইক দুৰ্ঘটনাগ্ৰস্থ

মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত কেটেতং বাবু পথাৰত আজি আবেলি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুখন বিপৰীত দিশৰ পৰা অহা বাইকৰ মুখামুখি সংৰ্ঘৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ।

দুৰ্ঘটনাটোত মাৰ্ঘেৰিটা কেটেতং নাকং পথাৰ নিৱাসী পশু চিকিৎসক ৰাজু কলিতা নামৰ লোকজন থিতাতে নিহত হয় । আনহাতে ঘটনাত সুনিল চয় নামৰ খামন পথাৰ অঞ্চলৰ আন জন যুৱক গুৰুতৰ ভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে দূৰ্ঘটনাৰ পিছত নিহত পশু চিকিৎসক জন ৰাস্তাৰ কাষত পৰি থকাৰ বিপৰীতে আহত যুবকজন ৰাস্তা কাষৰ খাৱৈ চিটিকি পৰি আছিল । দুয়োখন বাইকৰ সন্মুখভাগ সম্পূৰ্ণ ভাবে ক্ষতিগ্ৰস্থ হয় ।
পশুচিকিৎসক জনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ‌ পৰিছে।

লগতে পঢ়ক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয় ১০ খন আই চি ইউ বেড সহ ১০০ খন বিচনাযুক্ত কৰাৰ প্ৰতিশ্ৰুতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,884 other subscribers

Leave a comment

Leave a Reply