সোণাৰি: সোণাৰিৰ ভজোত আজি আবেলি এটা পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাতৰ ফলত গুৰুতৰভাৱে আহত স্কুটি আৰোহী দেৱজিৎ চুতীয়াক সংকটজনক অৱস্থাত লগে লগেই চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

তথ্য অনুসৰি সোণাৰিৰ ভজোত সংঘটিত হয় এই দুৰ্ঘটনাটো। ভজোত নাহৰ আলিৰে আহি থকা AS 04 J 5927 নম্বৰৰ এখন স্কুটীয়ে এগৰাকী চাইকেল আৰোহীক পাছফালৰ পৰা খুন্দিয়াই পথৰ ওপৰত বাগৰি পৰে স্কুটি আৰোহী গৰাকী । অৱশ্যে চাইকেল আৰোহী গৰাকীও কিছু পৰিমাণে আহত হয় ।

ইফালে দুৰ্ঘটনাৰ সময়তে বিশেষ কামত নাহৰ আলিৰে আহি থকা অৱস্থাত দুৰ্ঘটনাস্থলীত চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙ উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা স্কুটি আৰোহী গৰাকীক লগে লগে চিকিৎসাৰ বাবে প্ৰেৰণ কৰে নিজৰ কনভয়যোগে।

মন কৰিবলগীয়া যে স্কুটি আৰোহীগৰাকীয়ে হেলমেট পৰিধান নকৰাৰ লগতে মদ্যপান কৰি থকাৰ বাবেই দুৰ্ঘটনা সংঘটিত হ’বলৈ পায়। ইফালে আজি পুৱা সোণাৰিৰ নাফুক ফৰেষ্ট গেটৰ সন্মুখত অনুৰূপ আন এক দুৰ্ঘটনা সংঘটিত হয়। মাটি কঢ়িওৱা এখন বলেৰ’ পিক আপ বাহনৰ খুন্দাত আহত হয় বাবা কালিন্দী নামৰ এজন শ্ৰমিক।

জানিব পৰা মতে বলেৰ’ পিক আপ বাহনখনে চাইকেল আৰোহী শ্ৰমিক জনক খুন্দিয়াই গতিবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰি পথৰ দাঁতিত বাগৰি পৰে। স্মৰ্তব্য যে, একাংশ উদণ্ড চালকৰ দৌৰাত্ম্যৰ বাবে এতিয়া সাধাৰণ পথচাৰীয়ে চুলিৰ আগত জীৱটো লৈ যাতায়ত কৰিব লগীয়া হৈছে।

সম্প্ৰতি চৰকাৰ-প্ৰশাসনৰ নীতি-নিয়ম উলংঘন কৰি হেলমেট,চিটবেল্ট আদি পৰিধান নকৰাকৈ দুচকীয়া, চাৰিচকীয়া বাহন সমূহ নচলোৱাৰ ফলতেই দুৰ্ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক – গুৱাহাটীৰ দুই যুৱতীৰ আলফাত যোগদান সম্পৰ্কে কি জনালে পৰেশ বৰুৱাই?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply