গুৱাহাটী – মাত্ৰ কেইমাহমান পিছতেই ২০২১ ৰ মহাযুদ্ধ। তাৰ পূৰ্বে পুনৰ নতুনকৈ CAA বিষয়টো সজীৱ কৰি তুলিলে বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাই। কালি পশ্চিমবঙ্গত উপস্থিত হৈয়েই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে কয়, ‘‘শীঘ্ৰই আৰম্ভ কৰা হ’ব CAA ৰ প্ৰক্ৰিয়া।’’
উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনখনক লৈ সমগ্ৰ দেশ উত্তাল হৈছিল। পশ্চিমবঙ্গ, অসম আৰু বিহাৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত যিদৰে পুনৰ এই বিতৰ্কিত বিষয়টোক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি সৰৱ হৈ পৰিছে, তাক ৰাজনৈতিকভাৱে অত্য়ন্ত তাৎপৰ্যপূৰ্ণ বুলি অভিহিত কৰিছে ৰাজনৈতিক মহলে।
আচলতে কি কৈছিল জে পি নাড্ডাই?
কালি শিলিগুড়িৰ এক সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কয়, ‘‘ক’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিততে CAA বাস্তৱায়িত কৰাত পলম হ’ল। যিহেতু এতিয়া পৰিস্থিতি লাহে লাহে উন্নতি হৈছে, লাহে লাহে কামবোৰ আৰম্ভ হৈছে, গতিকে এতিয়া CAA ৰ কাৰ্যকৰীকৰণৰ কামবোৰ শীঘ্ৰই আৰম্ভ কৰা হ’ব। আপোনালোকে সংশোধিত নাগৰিকত্ব আইনৰ উপকাৰ লাভ কৰিব। সংসদত এয়া গৃহীত হৈছে। আমি ইয়াৰ প্ৰতি দায়বদ্ধ’’।