গুৱাহাটী : নাগৰিকত্ব সংশোধনী আইন (CAA) আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC)-ৰ সৈতে হিন্দু-মুছলিম বুলি কোনো কথা নাই। ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবে একাংশ এই বিষয় দুটাক সাম্প্ৰদায়িক ৰহন সনাৰ চেষ্টা চলাইছে। এই মন্তব্য স্বয়ংসেৱক সংঘ (RSS)-ৰ প্ৰধান মোহন ভাগৱতৰ।
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ ভাগৱতে বুধবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, ননী গোপাল মহন্তৰ ‘Citizenship debate over NRC and CAA: Assam and the Politics of History’ শীৰ্ষক গ্ৰন্থ উন্মোচনী সভাত ভাষণ দি ভাগৱতে এইদৰে কয়।
অধ্যাপক মহন্তৰ গ্ৰন্থখন উন্মোচনী কৰি দিয়া ভাষণত ভাগৱতে লগতে কয় যে নাগৰিকত্ব আইনৰ ফলত মুছলমান লোকসকলৰ কোনোধৰণৰ লোকচান নহয়।
‘স্বাধীনতাৰ পিছত, দেশৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰীয়ে সংঘ্যালঘু লোকসকলৰ দায়িত্ব লোৱা হ’ব বুলি কৈছিল, আৰু ইমান দিনে সেয়া কৰি অহা হৈছে। আমি ইয়াক অব্যাহত ৰাখিম। ‘CAA’ৰ ফলত মুছলমানৰ কোনো ক্ষতি নহয়,’ ভাগৱতে কয়।
নাগৰিকত্ব আইনে চুবুৰীয়া দেশকেইখনত উৎপীড়নৰ সন্মুখীন হোৱা সংখ্যালঘু লোকসকলক সুৰক্ষা প্ৰদান কৰিব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান গৰাকীয়ে মন্তব্য কৰে।
‘দুৰ্যোগৰ সময়ত উক্ত দেশ কেইখনৰ সংখ্যাগুৰু লোকসকলো আমি সহায় কৰি আহিছো… গতিকে ভয়- ভাবুকিৰ ফলত যদি (দেশ কেইখনৰ) কোনো লোকে আমাৰ দেশলৈ আহিব খোজে তেন্তে আমি নিশ্চয় তেওঁলোকক সহায় কৰিম,’ ভাগৱতে কয়।
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কত, সকলো দেশৰে ইয়াৰ নাগৰিকসকলক চিনাক্ত কৰাৰ অধিকাৰ আছে বুলি মন্তব্য কৰি তেওঁ কয়, ‘যিহেতু চৰকাৰ ইয়াৰ সৈতে জড়িত গতিকে বিষয়টো এতিয়া ৰাজনৈতিক স্তৰত আছে… একাংশ মানুহে ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ উদ্দেশ্যে এই বিষয় দুটাক এক সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰিছে।’
লগতে পঢ়ক : ৰহা কাণ্ড : ২২ জুলাইৰ ভিতৰত চৰকাৰক চাৰ্জশ্বীট দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ