সোণাৰি: ৰাজ্যৰ আন প্ৰান্তৰ লগতে সোণাৰিতো পুনৰ আৰম্ভ হ’ল ‘কা’ আন্দোলন । নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আজি সাব্যস্ত হ’ল ধৰ্ণা কাৰ্যসূচী।


AJYCPৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদৰ জৰিয়তে জাতিধ্বংসী অভিহিত আইন খন বাতিলৰ দাবীত জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়।


যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী সকলে হাতে হাতে ‘কা আমি নামানো’, জাতিধ্বংসী আইন মানি লোৱা নহ’ব আদি প্লে’ কাৰ্ড লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ।

লগতে পঢ়ক –মহানগৰীত পুনৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ড

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply