গুৱাহাটী : গুৱাহাটীত কেব চালক সকলৰ প্ৰতিবাদ। পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কেব চালক সকলে প্ৰতিবাদ সাব্যস্ত কৰে। গণেশগুৰি উৰণীয়া সেঁতুৰ তলত প্ৰতিবাদ সাব্যস্ত কৰে কেব চালক সকলে।
পেট্ৰ’লৰ ধাৰাবাহিক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক। শতকৰা ঘৰ অতিক্ৰম কৰাৰ পিছতো প্ৰতিদিনে পেট্ৰ’লৰ মূল্য বৃদ্ধি পাই আছে। পেট্ৰ’লৰ মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ।
চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে বিৰোধী দল সমূহৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। ইয়াৰ মাজতে এইবাৰ পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ওলাই আহিল কেব চালক সকল।
লগতে পঢ়ক : নিৰ্মাণ বন্ধৰ নিৰ্দেশ দিয়া চৰকাৰে কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ অবৈধ নিৰ্মাণ কেতিয়া উচ্চেদ কৰিব
অ’লা, উবেৰ আৰু ৰেপিডৰ ভাড়া পেট্ৰ’লৰ মূল্যৰ অনুপাতে বৃদ্ধি নকৰাৰ ফলত প্ৰতিবাদ সাব্যস্ত কৰে। অ’লা, উবেৰ আৰু ৰেপিড চালক সকলে সংশ্লিষ্ট কোম্পানীয়ে ভাড়া বৃদ্ধি নকৰাৰ অভিযোগ উত্থাপন কৰে।