গুৱাহাটীঃ মহানগৰীৰ চচলৰ ৰাজপথত সদৌ অসম কেব মজদুৰ সংঘৰ প্ৰতিবাদ।
দীৰ্ঘদিনীয়া দাবীৰে কেব মজদুৰ সংঘই প্ৰতিবাদ সাব্যস্ত কৰে ৷
এফালে কোম্পানীৰ লুণ্ঠন আনফালে ৰাজ্যিক পৰিবহণ বিভাগৰ লুণ্ঠনৰ অভিযোগ উত্থাপন কৰে কেব মজদুৰ সংঘই ৷
স্পীড লিমিট নলগোৱা বাবে পৰিবহণ বিভাগে অত্যাধিক হাৰত জৰিমনা বিহে ৷ ফলত পৰিয়াল পোহপালত ব্যৰ্থ হৈ পৰিছে কেব চালক সকল।
কৰোনা সময়ছোৱাত কেৱল দুজন যাত্ৰী কঢ়িয়াবলৈ দিয়াৰ পাছত এইধৰণে জৰিমনা বিহা কাৰ্য্যত ক্ষোভিত হৈ ৰাজপথলৈ উলাই আহিছে সদৌ অসম কেব মজদুৰ সংঘ ৷
বহিৰাগত কোম্পানীয়ে চালক সকল চলাইছে লুণ্ঠন।
স্পীড লিমিট মিটাৰ লগোৱা নামতো পৰিবহণ বিভাগে লুণ্ঠন চলোৱা বুলি অভিযোগ কৰে সদৌ অসম কেব মজদুৰ সংঘই।
পৰিবহণ বিভাগক নিজাকৈ এপ খুলিবলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰীসকলে।