গুৱাহাটী – কাগজ কলৰ কৰ্মচাৰীসকললৈ সুখবৰ কঢ়িয়াই আনিলে ৰাজ্যিক কেবিনেট বৈঠকে। কালি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত হিন্দুস্তান কাগজ নিগমৰ অধীনৰ দুয়োটা কাগজ কলৰ চৰকাৰী চাকৰি কৰিব পৰা উপযুক্তসকলৰ মাজৰ পৰা ৬৬গৰাকীৰ নিযুক্তিত অনুমোদন জনাইছে৷
ইফালে হিন্দুস্তান নিগমৰ অধীনৰ অসমত থকা দুয়োটা কাগজ কলৰ কৰ্মচাৰীসকলৰ মাজৰ পৰা বিত্ত বিভাগত এজনক, মীন, তথ্য প্ৰযুক্তি, লোক নিৰ্মাণ বিভাগত চাৰিজনকৈ, জলসিঞ্চনত দুজন, উদ্যোগ বিভাগত ১৮জন, লোক নিৰ্মাণ (পথ) বিভাগত আৰু দক্ষতা বিকাশ বিভাগত ২৪ জনক, মুঠ ৬৬জনক নিযুক্তি দিয়াৰ সিদ্ধান্তত কেবিনেটে অনুমোদন জনায়৷