গুৱাহাটী : ৰাজ্যত কেতিয়া অনুষ্ঠিত হ’ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা । ক’ভিড পৰিস্থিতৰ মাজত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰসংগ কেবিনেটত হৈছিল আলোচনা।
বৰ্তমানৰ পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত নকৰাৰ পৰামৰ্শ কেবিনেটৰ। এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব শিক্ষাবিভাগে। পৰীক্ষা অনুষ্ঠিত কৰিলে প্ৰায় ২০ লাখ লোকৰ সমাগম হ’ব। স্বাস্থ্য বিভাগে বৰ্তমানৰ পৰিস্থিতিত এই সমাগম হ’বলৈ অনুমতি প্ৰদান কৰিব নোৱাৰে।

আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে পৰামৰ্শ দিয়ে যে, বৰ্তমাৰ পৰিস্থিতিত পৰীক্ষা পাতিব পৰা নাযায়।

এই সিদ্ধান্ত একেবাৰে চূড়ান্ত নহয় বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। কেবিনেট বৈঠকৰ পিছত আয়োজন কৰা সংবাদমেলত মন্ত্ৰীগৰাকীয়ে পৰীক্ষা অনুষ্ঠিত কৰিব পৰাৰ সন্দৰ্ভত অহা ১৮ জুনত শিক্ষা বিভাগে ছাত্ৰ সংগঠনৰ সৈতে আলোচনা কৰিব বুলিও জানিবলৈ দিয়ে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই লগতে কয় যে, ‘মেট্ৰিক, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ পৰীক্ষাৰ সন্দৰ্ভত আজিৰ কেবিনেটত বহু সময় আলোচনা হয়৷

লগতে পঢ়ক : তামুলপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মিছলীয়া আখ্যা একাংশ মহিলাৰ

স্বাস্থ্য বিভাগে সকলো তথ্য দিয়ে কেবিনেটত৷ এইবাৰ ৪ লাখ ৪০ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব৷ ২ লাখ ৫০ হাজাৰে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব। ছাত্ৰ-ছাত্ৰী সকলৰ লগতে তেওঁলোকৰ অভিভাৱক আহিব৷ ০-১৮ বছৰৰ লোকৰ ক’ভিড সংক্ৰমণৰ হাৰ ১৪ শতাংশ আৰু ১১-১৮ বছৰৰ ১০ শতাংশ লোক ক’ভিডত আক্ৰান্ত হৈছে৷ এনে পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভৱ নহয় বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply