গুৱাহাটীঃ আজি জনতা ভৱনত ৰাজ্যৰ সর্বতোপ্রকাৰৰ বিকাশৰ লক্ষ্যৰে বিভিন্ন বিভাগীয় বিষয় সামৰি অসম কেবিনেটৰ বৈঠক অনুষ্ঠিত হৈ যায়। বৈঠকত প্ৰখ্যাত লোকশিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ কৰ্মৰাজি সংৰক্ষণৰ বিশেষ পদক্ষেপ, শিশুৰ শিক্ষা সুনিশ্চিতকৰণ, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পেঞ্চনাৰসকললৈ সকাহ, গুৱাহাটী মাষ্টাৰ প্লেন ২০২৫ৰ সংশোধনকে ধৰি বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়।

আজি অনুষ্ঠিত কেবিনেট বৈঠকত পদ্মশ্ৰীৰে সন্মানিত গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন আৰু কীৰ্তি যুগমীয়া কৰাৰ উদ্দেশ্যে ১৫কোটি টকা ব্যয়সাপেক্ষে এটা সংগ্ৰহালয় গঢ়ি তোলাৰ বাবে মাটিয়াবাগত ১২বিঘা ৩কঠা আৰু ১৮লেচা মাটি অধিগ্ৰহণত অনুমোদন জনোৱা হয়।

এই প্ৰকল্পই পূৰ্বৰ গৌৰীপুৰ জমিদাৰী বাগিচাৰ অন্তগৰ্ত গেম ৰিজ’ৰ্ট হাৱাখানাৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লগতে পৰ্যটনৰ বিকাশত সহায় কৰিব।

শিশুৰ শিক্ষা সুনিশ্চিতকৰণৰ লক্ষ্যৰে প্ৰতিটো শিক্ষাবৰ্ষৰ শেষত পঞ্চম আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ(সংশোধনী) আইন,২০১৯ৰ অধীনত একে শ্ৰেণীত ৰখাৰ পদ্ধতি আৰু চৰ্তৰ দিশত অধিসূচনা জাৰি কৰাত অনুমোদন জনায় ৰাজ্যিক কেবিনেটে।

পৰীক্ষাত অনুত্তীৰ্ণ শিশুক পুনৰ বিশেষ পৰীক্ষা অনুষ্ঠিত নোহোৱালৈকে অতিৰিক্ত নিৰ্দেশনা দিয়া হ’ব আৰু কোনো ক্ষেত্ৰতে শিশুটিক বহিষ্কাৰ কৰা নহ’ব। বাৰ্ষিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পৰা ২মাহৰ ভিতৰত পুনঃপৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।পুনঃপৰীক্ষাত কৃতকাৰ্য শিশুৰ বাবে পৰৱৰ্তী উচ্চ শ্ৰেণীত নামভৰ্তিৰ ব্যৱস্থা থাকিব। এইক্ষেত্ৰত উচ্চ শ্ৰেণী নথকা বিদ্যালয়ে এনে শিশুক আন বিদ্যালয়ত বাধ্যতামূলক হিচাপে নামভৰ্তি কৰাব পাৰিব।

ঘৰুৱা গ্ৰাহকক সকাহ প্ৰদানৰ লক্ষ্যৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে বৰ্ধিত খুচুৰা শুল্কৰ পৰা হাত সাৰিবলৈ এ পি ডি চি এলক ১৯০ কোটি টকাৰ বিদ্যুৎ ক্ৰয় ৰাজসাহায্যত অনুমোদন জনায় কেবিনেট বৈঠকত।

শক্তি উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে ২৫মেগাৱাটৰ কাৰ্বি লাংপি মধ্যম  দ্বিতীয় জলবিদ্যুৎ প্ৰকল্পত ৩০০.৭কোটি টকা ব্যয়ৰ লগতে ইয়াৰ ৰূপায়ণৰ বাবে প্ৰয়োজনীয় পুনৰ ব্যয় প্ৰস্তাৱত অনুমোদন জনায়। এই প্ৰকল্পটো আৰম্ভ হোৱাৰ পৰা সম্ভাৱ্য ৩৬ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লোৱা হয়। ই অসম শক্তি  উৎপাদন নিগম লিমিটেডৰ বিদ্যুৎ  উৎপাদনত এক এক উল্লেখ্যযোগ্য গতি প্ৰদান কৰাৰ লগতে ৰাজ্যত বিদ্যুতৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ সক্ষম হ’ব।

অসম ৰাজ্যিক  বিদ্যুৎ পৰিষদৰ পেঞ্চনাৰক সকাহৰ লক্ষ্যৰে অসম ৰাজ্যিক  বিদ্যুৎ পৰিষদ পেঞ্চন পুজিঁলৈ অপ্ৰশাসনিক অনুমোদনৰ বিত্তীয় অনুদান হিচাপে ২৮৫ কোটি টকা প্ৰদানৰ সিদ্ধান্ত।প্ৰস্তাৱিত আঁচনিখনে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ/উত্তৰাধিকাৰী কোম্পানীৰ প্ৰায় ২০হাজাৰ পেঞ্চনাৰক লাভান্বিত কৰিব।    

আনহাতে, বৰ্তমানৰ বিল্ডিং অনুমোদন ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে ৰাজ্যৰ মাষ্টাৰ প্লেন এলেকাসমূহৰ বাবে অসম সংহত ভৱন উপ-বিধি,২০২২ ত অনুমোদন জনায় ৰাজ্যিক কেবিনেটে।

ইয়াৰোপৰি, গুৱাহাটী মেট্ৰ’পলিটান এলেকাৰ বাবে যাতায়াত -মুখী উন্নয়ন ৰূপায়ণ,ট্ৰেনজিট কৰিড’ৰ চিনাক্তকৰণ, ট্ৰেনজিট ন’ডছ আৰু সেইসমূহৰ সৈতে সংপৃক্ত ক্ষেত্ৰৰ বিভিন্ন ব্যৱস্থাৰ সামঞ্জস্য ৰখাৰ বাবে গুৱাহাটী মাষ্টাৰ প্লেন ২০২৫ৰ সংশোধনৰ সিদ্ধান্ত লোৱা হয়। 

লগতে বৰপেটা, বাক্সা, বজালী, নলবাৰী, কামৰূপ,(মহানগৰ), কামৰূপ, নগাঁও, মৰিগাওঁ, শোণিতপুৰ,বিশ্বনাথ,লখিমপুৰ আৰু ধেমাজি জিলাৰ শৈক্ষিক খণ্ড/ডিআই এছৰ মাজত অভাৰলেপিং স্কুলৰ বিত্তীয় আৰু প্ৰশাসনিক কাৰ্যপন্থাৰ পুনঃসমন্বিতকৰণৰ বাবে সিদ্ধান্ত লয় ৰাজ্যিক কেবিনেটে। ই নিৰ্দিষ্ট  শিক্ষা খণ্ড/ডিআই এছৰ ভৌগোলিক এলেকাৰ অধীনত অৱস্থিত আন খণ্ড/ডিআই এছৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহত প্ৰশাসনিক বিসংগতি হ্ৰাস কৰাত সহায়ক হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply