মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকত ৰাজ্যৰ প্ৰশাসনিক সেৱাৰ পৰা আৰম্ভ কৰি পুনঃনবীকৰণ বিদ্যুৎ শক্তি আৰু সৌৰ শক্তি উৎপাদন, পৰ্যটন ক্ষেত্ৰৰ উন্নয়ন সাধন, চিকিৎসা সেৱা আৰু পৰিবহনৰ ক্ষেত্ৰত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
বৈঠকৰ অন্তত কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহ এনেধৰণৰ –
- এতিয়াৰে পৰা মণ্ডল আৰু কাননগো আদিৰ নাম সলনি হ’ব । মণ্ডলৰ ঠাইত Land record assistant, কাননগোৰ ঠাইত Land record supervisor, Inspector of land record-ৰ ঠাইত Land record Inspector হিচাপে নামাকৰণ কৰা হ’ব।
- নতুনকৈ Land record officer নাম দি নতুন পদ সৃষ্টি কৰা হ’ব । Land record inspector আৰু Land record officer পদ দুটা Gazette Officer মৰ্যদাৰ হ’ব ।
- Land record assistant এখন জিলাত পাঁচবছৰ বেছি সময় থাকিব নোৱাৰিব । তেওঁক বদলি কৰা হ’ব ।
- নগাঁও আৰু শিলচৰৰ কাগজ কলত কাম কৰা ৬৪ গৰাকী কৰ্মচাৰীক তৎকলীনভাবে চৰকাৰৰ বিভিন্ন বিভাগত চৰকাৰী পদত নিযুক্ত কৰা হ’ব।
- নামৰূপত ২৫ মেগাৱাট পুনঃনবীকৰণ বিদ্যুত শক্তি আৰু সৌৰ শক্তি উৎপাদন কৰাৰ বাবে অইল ইণ্ডিয়া আৰু এ পি জি চি এলৰ মাজত এখন বুজাবুজিৰ চুক্তি সম্পন্ন কৰা হ’ব ।
- এ পি জি চি এল আৰু এ জি ভি এল লিমিটেডৰ মাজত পুনঃনবীকৰণ বিদ্যুত শক্তি উৎপাদনৰ বাবে আন এখন বুজাবুজিৰ চুক্তিও সম্পন্ন কৰা হ’ব ।
- অহা সময়ছোৱাত ৰাজ্যত থকা চিকিৎসা মহাবিদ্যালয়সমূহৰ পৰা বছৰি ২১০০ জনৰ পৰা ২৩০০ গৰাকী চিকিৎসক সৃষ্টি কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
- ৰাজ্যত থকা চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যাপকৰ চাকৰিৰ কাৰ্যকাল পাঁচ বছৰ বৃদ্ধি কৰা হৈছে।
- ৰাজ্য চৰকাৰে ঔষধ ক্ৰয়ৰ বাবে স্বাস্থ্য বিভাগক ১৩৪.৮ কোটি টকাৰ অনুমোদন দিছে ।
- গোলাঘাটৰ হাতীখুলি আৰু নগাঁৱৰ কেলিডেন চাহ বাগিচাত পৰ্যটকৰ বাবে দুখন হোটেল নিৰ্মাণৰ বাবে ATDC আৰু Indian hotel company limited ৰ মাজত বুজাবুজিৰ চুক্তি কৰা হ’ব ।
- সকলো জিলাতে ৰাজ্য চৰকাৰৰ আৰু অসম ৰাজ্যিক পৰিবহন নিগমৰ ভূমিত ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ অধীনত স্বয়ংক্ৰিয় বাহন পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হ’ব ।